ভূৰাগাঁৱত শিশুৰ সলিল সমাধি

 08/20/2019 - 15:11

লাহৰীঘাটঃ মৰিগাঁৱৰ জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ২নং বৰকুৰ গাঁৱত সংঘটিত হয় এক শোকাবহ ঘটনা। পানীত পৰি সলিল সমাধি ঘটে ৬ বছৰীয়া এটি শিশুৰ জানিব পৰা মতে ২নং বৰকুৰ গাৱঁৰ ফৰমান আলীৰ পুত্ৰ ৰাব্বুল আলামিন ফকিৰ(৬) নামৰ শিশুটিয়ে সোমবাৰে সন্ধিয়া ৫ মান বজাত সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰ নদীৰ এটি সুঁতি পাৰ হ'ব খোজোতেই পানীৰ তললৈ ডুব যায় শিশুটি।

শিশুটি পানীত ডুব যোৱাৰ লগে লগে চৌদিশে হুৱা-দূৱা লাগে স্থানীয় ৰাইজৰ মাজত। কিছু সময়ৰ পিছত ৰাইজে শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যে মৃত্যু হয় শিশুটিৰ। ভূৰাগাঁও আৰক্ষীক খবৰ দিয়াত ভূৰাগাঁও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।