খাৰুপেটীয়াৰ এখন নদীত মাছৰ সলনি ঔষধৰ উজান

 08/20/2019 - 15:49

খাৰুপেটিয়াঃ খাৰুপেটীয়াৰ এখন নদীত মাছৰ সলনি ঔষধৰ উজান। সোমবাৰে দৰঙৰ খাৰুপেটীয়া নিকটৱৰ্তী কালাপানী নৈত মাছমৰীয়া সকলে মাছ ধৰি থকাৰ সময়তে প্ৰত্যক্ষ কৰে পানীত ভাহি অহা পেকেটসমূহ। উৎসুক মাছমৰীয়াই পেকেটসমূহ জালেৰে ধৰাৰ পিছত সেয়া ঔষধ বুলি নিশ্চিত হয় মাছমৰীয়াসকল। 

ইৰিক্সা এখনত আহি নৈ খনৰ ওপৰত থকা দলঙৰ পৰা বিভিন্ন ঔষধৰ পেকেটসমূহ পেলাই দিয়ে ঔষধ কোম্পানীৰ বিক্ৰেতা যুৱক এজনে। নৈৰ পৰা মাছমৰীয়াই উদ্ধাৰ কৰা ঔষধসমূহ ম্যাদ উকলাৰ বাবেই নদীত পেলাই দিয়া বুলি আৰক্ষীয়ে জানিব দিয়ে। উল্লেখ্য যে ম্যাদ ওকলা ঔষধসমূহ জ্বলাই বা পুতি থোৱাৰ পৰিবৰ্তে জন বসতিপূৰ্ণ নদীত পেলাই দিয়া কাৰ্যই জীৱকুললৈ কঢ়িয়াই আনিছে ভাবুকি। পিছত খাৰুপেটীয়া আৰক্ষীয়ে ম্যাদ উকলা ঔষধ সমূহ থানালৈ নিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।