নগাঁও শালনাত অজগৰ উদ্ধাৰ

 08/20/2019 - 16:04

চামগুৰিঃ নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত এডাল অভিলেখকাৰি অজগৰ উদ্ধাৰ হয়। অঞ্চলত পূৰ্বে কেতিয়াও উদ্ধাৰ হোৱা নাছিল এনেধৰণৰ বৃহৎকায় অজগৰ সাপ। উদ্ধাৰ হোৱা সাপডালৰ দৈৰ্ঘ্য প্ৰায় ১৪.৪ ফুট আৰু ওজন ৩০ কিলোগ্ৰামতকৈও অধিক। যি ডাল সাপ ডাঙিবলৈ প্ৰয়োজন হৈছিল প্ৰায় সাত জনকৈ লোকৰ। উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোনোৱালে যোৱা ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ দিনা গুৱাহাটীৰ খানাপাৰাত ৰাজহুৱাভাবে "মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ সামুহিক কৰ্ম বঁটা-২০১৯" প্ৰদান কৰা নগাঁও জিলাৰ চাপানালাৰ প্ৰকৃতপ্ৰেমী যুৱক বিনোদ দুলু বৰাই এই বৃহৎকায় বাৰ্মীজ পাইথন ডাল নিজ পত্নী আৰু বন বিভাগৰ সহযোগত উদ্ধাৰ কৰিছিল শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ ৰেকা পাহাৰ অঞ্চলৰ পৰা।

একাংশ লোকে জনাঞ্চলৰ সমীপতে বৃহৎকায় অজগৰ সাপডাল অকস্মাৎ প্ৰত্যক্ষ কৰি প্ৰথম অৱস্থাত শংকিত হৈ পৰে যদিও ঘটনাৰ বিষয়ে অৱগত হৈ সেই ঠাইত দুলু বৰা উপস্থিতহৈ উদ্ধাৰ কৰে বিৰল প্ৰজাতিৰ অজগৰ ডাল। ইফালে উদ্ধাৰ হোৱা অজগৰ ডালৰ বিষয়ে প্ৰয়োজনীয় তথ্য আহৰণ কৰাৰ পৰৱৰ্তী সময়ত নগাঁও কাৰ্বিআংলং সীমান্তৱৰ্ত্তী এখন বিশেষ ডাঠ বনাঞ্চলত ততাতৈয়াকৈ মুক্ত কৰি দিয়া হয় সাপডাল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।