গোলাঘাটৰ এখন ব্যক্তিগত বিদ্যালয়ত ৰহস্যজনকভাৱে অগ্নিকাণ্ড

 08/20/2019 - 16:37

গোলাঘাটঃ গোলাঘাটৰ এখন বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা। কোনো কাৰণ নোহোৱাকৈ জ্বলি উঠে এখন ব্যক্তিগত বিদ্যালয়। এবাৰ নহয় তিনিবাৰকৈ অগ্নিকাণ্ড সংঘটিত হয় দুটা দিনত। নিশা হওক বা দিন দুপৰতে আকস্মিক ভাবে জুই লাগি যায় গোলাঘাটৰ শালমৰাস্থতি এই চেন্ট এন্টনিচ নামৰ ব্যক্তিগত বিদ্যালয়খনত।

বিদ্যালয়খনৰ বহু আচবাব দৰ্জা খিৰিকি ডেস্ক বেন্সকে ধৰি প্ৰয়োজনীয় বহু সা-সামগ্ৰী জুইত জাহ যায়। আটাইতকৈ লক্ষণীয় দিশটো হল যে অগ্নিকাণ্ডৰ কাৰণ উলিওৱাত ব্যৰ্থ হৈছে বিদ্যালয়খনৰ কতৃপক্ষ। সকলোৱে কোনো দুষ্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত কৰিছে বুলি সন্দেহ কৰিছে যদিও এই ঘটনা এতিয়াও ৰসহ্যজনক অৱস্থাত আছে।

নাই বিদ্যুতৰ তাৰ, নাই জুই লগাই দিয়াৰ কোনো চিন। কিন্তু তেনে মুহুৰ্তত কেনেকৈ বাৰে বাৰে অগ্নিকাণ্ডৰ সংঘটিত হৈছে বিদ্যালয়খনত তাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। আনহাতে বিদ্যালয় কতৃপক্ষই ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।

আৰক্ষীৰ তদন্তহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে ঘটনাৰ প্ৰকৃত সত্য। উল্লেখ যে ঘটনা সংঘটিত হোৱা সময়ত বিদ্যালয়খনত নাছিল কোনো ছাত্ৰ ছাত্ৰী। কেৱল হোষ্টেলতহে দুজন মান ছাত্ৰ উপস্থিত থাকে বুলি জানিবলৈ দিয়ে বিদ্যালয় কতৃপক্ষই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।