ৰহমৰীয়াত বিজেপিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

 04/02/2019 - 13:43

ডিব্ৰুগড়: আগন্তুক লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। এনে সন্ধিক্ষণত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ মনোনীত প্ৰাৰ্থীগৰাকীক জয় কৰাবলৈ তীব্ৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ।

ডিব্ৰুগড় লোকসভাৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত লাহোৱাল সমষ্টিতো শাসকীয় বিজেপি দলৰ লগতে কংগ্ৰেছ দলেও ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ ব্যাপকভাবে নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে। আজি শাসকীয় বিজেপি দলে লাহোৱাল সমষ্টিৰ ৰহমৰীয়া মৌজাৰ গেণীচুক আৰু চেংধৰাত দুখনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত কৰে।

ডিব্ৰুগড় লোকসভাৰ সংসদীয় সমষ্টিৰ বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীক ভোটদান কৰিবলৈ সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই আহ্বান জনাইছে। বিজেপি দলৰ উদ্যোগত গেণীচুক আৰু চেংধৰাত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত লাহোৱাল সমষ্টি বিধায়ক ঋতুপৰ্ণ বৰুৱাই চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ অৱগত কৰাৰ লগতে বিগত সময়ত কংগ্ৰেছ দলে দেশখনৰ অৰ্থনৈতিক ব্যৱস্থাটো কুঙা কৰি পেলাইছিল বুলি উল্লেখ কৰে।

মোডী চৰকাৰক পুনৰ দেশৰ শাসন ব্যৱস্থা লৈ আনিলে আগন্ত্তক সময়ত সমগ্ৰ ভাৰতবৰ্ষ আৰ্থ-সামাজিক ব্যৱস্থাটো অধিক উন্নত হ'ব বুলি বিধায়ক ঋতুপৰ্ণ বৰুৱাই মন্তব্য আগবঢ়ায়। চেংধৰা খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত বিতোপন‌ কোঁৱৰে আঁতধৰা সভাখনত বিজেপিৰ লাহোৱাল মণ্ডলৰ সভাপতি সঞ্জয় হাজৰিকা, সম্পাদক ঋতুৰাজ দত্ত আৰু কুমুদ দত্ত, মোহনবাৰী জিলা পৰিষদৰ সদস্যা ৰাণু দত্ত গগৈ, জিলা মিডিয়া কোষৰ আহ্বায়ক প্ৰাঞ্জল বৰুৱাৰ লগতে কেইবাগৰাকী কৰ্মী উপস্থিত থাকে।

ৰহমৰীয়াত গড়কাপ্তানী পথ নিৰ্মাণৰ দাবীত সাংসদলৈ স্মাৰক পত্ৰও প্ৰদান কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।