শিৱসাগৰত কাঞ্চনজংঘা প্ৰচাৰৰ বাবে উপস্থিত কণ্ঠশিল্পী জুবিন গাৰ্গ

 08/20/2019 - 16:55

জয়সাগৰঃ বহু চৰ্চিত অসমীয়া চলচ্চিত্ৰ জগতৰ এখন নতুন ছবি জুবিন গাৰ্গৰ "কাঞ্চনজংঘা" শুভমুক্তিৰ বাবে সকলো অপেক্ষাত থকাৰ সময়তে আজি "কাঞ্চনজংঘা"ৰ ছবিখনৰ পৰিচালক জুবিন গাৰ্গৰ লগতে কাঞ্চনজংঘা চলচিত্ৰৰ এটা দল আহি উপস্থিত হ'য় শিৱসাগৰত।

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়, শিৱসাগৰ ছোৱালী কলেজ, শিৱসাগৰ মহাবিদ্যালয়ত কাঞ্চনজংঘা চিনেমা খনৰ প্ৰচাৰৰ অভিযান চলাই কঞ্চনজংঘা পৰিয়ালে। কাঞ্চনজংঘা প্ৰচাৰৰ মাজতে জুবিনময় হৈ পৰিল শিৱসাগৰ কলেজ৷ কমাৰ্চ কলেজ, ছোৱালী কলেজ, শিৱসাগৰ কলেজ মুঠৰ ওপৰত শিৱসাগৰত জুৰদাৰ প্ৰচাৰ চলাই কাঞ্চনজংঘা টিমে৷

আনহাতে জুবিন গাৰ্গে প্ৰচাৰৰ সময়ত কাঞ্চানজংঘা প্ৰচাৰৰ উপৰিও অসমীয়া বোলছবি জগতক এক নতুন মাত্ৰা দিব বাবে সকলোকে অনোৰোধ জনায়। এই প্ৰচাৰ সময়ত শিৱসাগৰ জুবিন ফেন ক্লাৱে সম্পূৰ্ণ ভাৱে সহযোগিতা আগবঢ়াই ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।