"গ্ৰীণ ডুমডুমা ক্লিন ডুমডুমা" কাৰ্য্যসূচী অধিনত গছ পুলি ৰোপণ

 08/20/2019 - 17:18

ডুমডুমাঃ চাহ নগৰি নামেৰে খ্যাত ডুমডুমা চহৰক "সেউজীয়া আৰু পৰিস্কাৰ" চহৰলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰা ডুমডুমাৰ বিধায়ক দূৰ্গা ভূমিজে হাতে-কামে লাগি যোৱা পৰিলক্ষিত হৈছে। চহৰখনক সেউজীয়া আৰু পৰিস্কাৰ কৰণৰ পৰিকল্পনাৰ কাৰ্যসূচী মতে বিধায়ক ভূমিজে আজি চহৰখনৰ বিভিন্ন স্থানত ৫০ জোপা বৰনিম পুলি ৰোপণ কৰে। ইয়াৰ সমান্তৰালকৈ চহৰখনক পৰিস্কাৰ ৰাখিবলৈ নগৰ সমিতিৰ সৈতে অহৰহ চেষ্টা অব্যাহত ৰাখিছে বিধায়ক গৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।