মাজবাট ব্লক কংগ্ৰেছত গৰাখহনীয়া

 08/20/2019 - 17:33

ওৰাংঃ সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কংগ্ৰেছ দলত আৰাম্ভ হৈছে দল ত্যাগৰ ঢৌ। কংগ্ৰেছ দলৰ জেষ্ঠ নেতা ,ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰাৰ পিছতে জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছতো ইয়াৰ প্ৰভাৱ ‌পৰা পৰিলক্ষিত হৈছে। ইজনৰ পিছত সিজন কংগ্ৰেছ নেতা কৰ্মীয়ে এতিয়া কংগ্ৰেছ দল ত্যাগ কৰিছে। মাজবাটত এতিয়া কংগ্ৰেছ দলৰ বেলি মাৰ যাওঁ যাওঁ অৱস্থা।

একপ্ৰকাৰৰ যেন গৰাখহনীয়া সৃষ্টি হৈছে কংগ্ৰেছত। অসম প্ৰদেশ কংগ্ৰেছ দলৰ ওদালগুৰি জিলা কংগ্ৰেছৰ মূখপাত্ৰ তথা সাধাৰণ সম্পাদক ৰবিৰাম বড়ো আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মহিলা মৰ্চাৰ জিলা সম্পাদিকা, ওদালগুৰি জিলা মজদূৰ কংগ্ৰেছৰ উপ সভানেত্ৰী পাৰ্বতী কুৰ্মীয়ে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ পিছত আজি মাজবাট ‌ব্লক কংগ্ৰেছৰ সভাপতি পদৰ পৰা আৰু দলৰ সদস্য পদৰ পৰা নৱজ্যোতি কুৰ্মীয়ে পদত্যাগ কৰা বুলি সংবাদ মাধ্যমক জনাইছে। নৱজ্যোতি কুৰ্মীয়ে ২০১১ চনৰে পৰা কংগ্ৰেছ ‌দলত সেৱা আগবঢ়াইছিল।

২০১১ চনত মাজবাট যুৱ কংগ্ৰেছৰ এচেম্বলী সভাপতি, ২০১৩ চনত মঙ্গলদৈ লোক সভা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু মাজবাট ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে কংগ্ৰেছ দলত সেৱা আগবঢ়াই আহিছিল। দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলত সেৱা আগবঢ়াই অহা নৱজ্যোতি কুৰ্মীয়ে সৰ্ব ভাৰতীয় পৰ্যায়ত কংগ্ৰেছ দলৰ বিপজ্জয়, দলটোৰ মাজত ‌দেখা দিয়া খাম খেয়ালী, সভাপতি পদৰ পৰা ৰাহুল গান্ধীৰ পদত্যাগ, শচীন পাইলটৰ পৰিবৰ্তে ছনিয়া গান্ধীক নেতৃত্ব প্ৰদান কৰা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ‌ৰিপুন বৰাৰ ব্যৰ্থ নেতৃত্বৰ বাবেই পদত্যাগ কৰা বুলি উল্লেখ কৰে যুৱ নেতা গৰাকীয়ে। লগতে ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি বৃষ্টি কুমাৰ বসুমতাৰী নেতৃত্বত ব্যৰ্থ হোৱা বুলি কোৱাৰ লগতে বৃষ্টি কুমাৰ বসুমতাৰীক বি পি এফৰ এজেন্ট আখ্যা দিয়ে।

ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি বৃষ্টি কুমাৰ বসুমতাৰীৰ দিনত কংগ্ৰেছ দলৰ পৰা এগৰাকী সদস্যও জয়লাভ কৰা নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ইয়াৰ ওপৰি যোৱা লোকসভা নিৰ্বাচনত তুলনামূলক ভাৱে ওদালগুৰি জিলাত প্ৰতিটো ব্লকতে পূৰ্বৰ তুলনাত যথেষ্ট পৰিমাণৰ ভোট কম পোৱাৰ বুলি উল্লেখ কৰে‌। ইয়াৰ পৰিবৰ্তে মাজবাট ব্লকত ৪০,০০০ হাজাৰ ভোট বৃদ্ধি হোৱা বুলি অৱগত কৰে। আদিবাসী জনগোষ্ঠী প্ৰধান মাজবাট ব্লক কংগ্ৰেছত প্ৰতিনিধিত্ব কৰা যুৱ নেতা গৰাকীৰ দল ত্যাগ সমাগত নিৰ্বাচনত কংগ্ৰেছ দলটোক যে যথেষ্ট ক্ষতি কৰিব সেয়া নিশ্চিত বুলি সচেতন মহলে আশংকা প্ৰকাশ কৰিছে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।