অভয়াপুৰীত অনুষ্ঠিত অখণ্ড ভাৰত দিৱস

 08/20/2019 - 17:44

অভয়াপুৰীঃ অভয়াপুৰী কলাপৰিষদ ভৱনত আজি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বঙাইগাঁও জিলা সমিতি আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় অখণ্ড ভাৰত দিৱস। কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন, ৯:১৫ বজাত বন্তি প্ৰজ্বলন অনুষ্ঠিত হয়। অখণ্ড ভাৰত দিৱসৰ লগত সংগতি ৰাখি এক পৰ্যালোচনা সভাৰো আয়োজন কৰা হয়।

উক্ত সভাত বক্তব্য দাঙি ধৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সৰ্বভাৰতীয় সম্পাদক জীৱেশ উপাধ্যায়, ৰাষ্ট্ৰীয় বজৰংগ দলৰ সৰ্বভাৰতীয় পৰ্যায়ৰ নেতা মনোজ চাহু আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ প্ৰান্তীয় উপসভাপতি চন্দন মণ্ডল। আজিৰ এই অনুষ্ঠানত পাঁচ শতাধিক দলীয় কৰ্মী তথা ৰাইজ উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।