৬ দিনীয়া কাৰ্য্যসূচীৰে ভোটাৰ পাৰ্টী ইন্টাৰনেছনেলৰ উদ্যোগত অৱস্থান ধৰ্না

 08/20/2019 - 17:48

ধুবুৰীঃ ভোটাৰ পাৰ্টী ইন্টাৰনেছনেল হৈছে এটা ৰাজনৈতিক দল। এই দলৰ উদ্যোগত আজিৰ পৰা গুৱাহাটী চ'চল ভি আই পি ৰোডত ৬ দিনীয়া কাৰ্য্যসূচীৰে আমাৰ দাবী বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক্, ভোটাৰক অৰ্থনৈতিক স্বাধীনতা বা ভোটাৰচীপ প্ৰদান কৰক বুলি ভোটাৰ পাৰ্টীৰ ধুবুৰী জিলা কমিটীৰ সাধাৰণ সম্পাদক আতোয়াৰ হুছেইন জানিবলৈ দিয়ে।

উক্ত অৱস্থান ধৰ্নাত দলৰ কৰ্মীসকলৰ হাতে হাতে প্লেকাৰ্ড আৰু কাহি বাটি বজাই ধৰ্না পালন কৰে। ইফালে অৱস্থান ধৰ্নাত দলৰ প্ৰায় তিনি শতাধিক কৰ্মীৰ সমাগম হোৱা বুলি জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।