পবিত্ৰ গুৰুজনাৰ তিথিৰে মুখৰিত বটদ্ৰৱা থান

 08/20/2019 - 18:41

ধিংঃ মঙলবাৰে দিনটোত আছিল পবিত্ৰ তিৰোভাৱ তিথি । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মঙলবাৰে দিনটোত পালন কৰা হয় শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষজনাৰ ৪২৩ সংখ্যক তিৰোভাৱ তিথি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ গুৰুজনাৰ পবিত্ৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থানত। গুৰুজনাৰ তিৰোভাৱ তিথি মঙলবাৰে পুৱাৰে পৰা আইসকলৰ নাম, মঞ্জিৰা নাম, খোলপসংগ, তালকোবোৱা আৰু নামকীৰ্তন অনুস্থিত হয়।

নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশন কৰা হব শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত "দধি মঠন ভাওঁনা"। মাধৱদেৱ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সমাগম ঘটে বটদ্ৰৱা থানত। যাক লৈ এক উখল-মাখল পৰিবেশে বিৰাজ কৰে পবিত্ৰ বটদ্ৰৱা থানত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।