১০ দিনে নিৰু্দ্দিষ্ট জাজৰিৰ মহিলা

 08/20/2019 - 19:17

বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত বগৰিগুৰিৰ নিবাসী সঞ্জীৱ বৰদলৈৰ পত্নী কাবেৰী দাস বৰদলৈ আজি ১০ দিনে নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, যোৱা ১১ আগষ্টত কাবেৰী দাসে পুৱা নগাঁও জিলাৰ অন্তৰ্গত ধিং কলেজত এটা সাক্ষাৎকাৰ দিবৰ বাবে পুৱা ৬ বজাতে ঘৰৰ পৰা ওলায় যায় যদিও ঘৰলৈ ঘুৰি নাহে।

সন্ধ্যা পৰ্যন্ত ঘৰলৈ নহাত স্বামী সঞ্জীৱ বৰদলৈয়ে ফোন যোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও মবাইল ফোনৰ যোগাযোগ বন্ধ পায়। তাৰপিছৰে পৰা মহিলাগৰাকীৰ পৰিয়াল তথা আত্মীয়ৰ লগত যোগাযোগ বিচিন্ন হৈ আছে।

পৰিয়ালৰ লোকে কোনো খৱৰ নাপাই ধিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। পৰিয়াল বৰ্গই মহিলা গৰাকীক কোনো অজ্ঞাত লোকে অপহৰণ কৰাৰ সন্দেহ কৰিছে আৰু বাতৰি লিখা পৰলৈকে ধিং আৰক্ষীয়েও কোনো শুং সুত্র উলিয়াব পৰা নাই। মহিলা গৰাকীৰ দুটি সন্তানক লৈ পৰিয়ালটি বিমোৰত পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।