বানাক্ৰান্ত ৰাইজৰ বাবে স্বাস্থ্য পৰীক্ষা আৰু সজাগতা শিবিৰ

 08/20/2019 - 19:33

দেৰগাঁওঃ দেৰগাঁও বিধান সভা সমষ্টিৰ অধীনস্থ বানাক্ৰান্ত বৰমুকলিত আজি বানাক্ৰান্ত ৰাইজৰ বাবে এক স্বাস্থ্য পৰীক্ষা আৰু সজাগতা শিবিৰ অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন যোৰহাট জিলা সমিতিয়ে শ'লমৰা খণ্ড স্বাস্থ্য কেন্দ্ৰৰ সহযোগত লাখেৰাজ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰত বানে ধোৱা অঞ্চলৰ ৰাইজৰ মাজত উদ্ভৱ হ’ব পৰা বিভিন্ন বেমাৰৰ চিকিৎসা প্ৰদানৰ লগতে সজাগতা কাৰ্যসূচী গ্ৰহন কৰি ৰাইজৰ মাজত বিনামূলীয়া ঔষধ বিতৰণৰ আৰু চিকিৎসা প্ৰদান কৰা হয়। এই চিকিৎসা শিবিৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ লগতে অসম চৰকাৰৰ চিকিৎকসকলে সেৱা আগবঢ়ায়। এই সকলৰ ভিতৰত শিশু বিশেষজ্ঞ ডাঃ ইন্দু শইকীয়া আৰু ডাঃ নিতিশ মোলি, ছাল বিশেষজ্ঞ প্ৰাঞ্জল জ্যোতি দত্ত, ঔষধ বিশেষজ্ঞ ডাঃ প্ৰনৱ পাংয়াৰ, ডাঃ দিপজ্যোতি শইকীয়া, ডাঃ ৰেখা বৰুৱা, ডাঃ শিখা বৰুৱা, ডাঃ বিকাশ শৰ্মা, ডাঃ নমিতা দেউৰী আদিয়ে ৰুগী সকলক সেৱা আগবঢ়ায়। চিকিৎসা সেৱা আৰম্ভ কৰাৰ আৰম্ভনীতে লাখেৰাজ জনজাতি উচ্চ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে পৰিৱেশন কৰা এটি গীতেৰ হোৱা সভাখনত এই স্বাস্থ্য শিবিৰৰ মুখ্য তত্বাবধায়ক মহকুমা চিকিৎসা আৰু স্বাস্থ্যবিষয়া ডাঃ দিলীপ দেৱশৰ্মাই বানাক্ৰান্ত ৰাইজৰ বাবে আয়োজন কৰা চিকিৎসা শিবিৰৰ তাৎপৰ্য ব্যাখ্যা কৰে।

আৰম্ভণী অনুষ্ঠানতে লাখেৰাজ জনজাতি উচ্চ ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মঃ জান হুছেইন, সহকাৰী প্ৰধান শিক্ষক বাপুৰাম পেগু, পঞ্চায়ত সভাপতি দীপেন কুটুম, পঞ্চায়ত সম্পাদক মহম্মদ ৱাহিদুৰ হুছেইন, ডাঃ বডিলাল দেউৰী, গাঁওবুৃঢ়া বামুন পেগুক ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জনোৱা হয়। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়াৰ দ্বাৰা চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলৰ লগতে আপকুৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক প্ৰনৱ চক্ৰৱৰ্ত্তী, দেৰগাঁও মহকুমা সমিতিৰ সভাপতি ৰাজমোহন শৰ্মা, সাংবাদিক ৰাতুল বৰা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়া সত্যজিৎ হাজৰিকা, জ্যোতি হাজৰিকা, দিব্যজ্যোতি তামুলী, সঞ্জীৱ বৰা আৰু প্ৰগ্ৰেম ব্যৱস্থাপক ৰাহুল ৰাজপুত, দিপমুন বাৰুকিয়াল, বুদ্ধেশ্বৰ সোণোৱাল, বিশ্বজিৎ গগৈ আদিক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়। চিকিৎসা শিৱিৰত স্থানীয় কেইবাখনো গাঁৱৰ বিভিন্ন বয়সৰ ৰাইজ উপস্থিত হৈ পাঁচ শতাধিক লোকে চিকিৎসা সেৱা গ্ৰহন কৰাৰ লগতে বিনামূলীয়া ঔষধ সংগ্ৰহ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।