গুৱাহাটীঃ একাংশ লুভীয়া বিষয়া-কৰ্মচাৰীৰ বাবেই ঘূ্ণে ধৰিছে চৰকাৰী বিভাগসমূহত। তাৰে কিছুমান ধৰা পৰি আৰক্ষীৰ জালত পৰে আৰু কিছুমানে ধৰা নপৰাকৈ দেশৰ আইন-কানুনকো পৰোৱা নকৰি চলাই নিছে নিজাকৈ নিকৃষ্টতম ব্যৱসায়। এইবাৰ পুনৰ আৰক্ষীৰ জালত পৰিল দুই চৰকাৰী বিষয়া-কৰ্মচাৰী। পশ্চিম গুৱাহাটী সমষ্টিৰ ভিন্ন স্থানত ফ্লায়িং স্কোৱাডৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত পৰে দুই চৰকাৰী বিষয়া-কৰ্মচাৰী।
আৰক্ষীৰ জালত পৰা দুই চৰকাৰী বিষয়া-কৰ্মচাৰী হ'ল—আলীকমল হুছেইন আৰু দীপাংকৰ হাজৰিকা। ধৃত আলীকমল হুছেইন চন্দ্ৰপুৰ শাখাৰ গ্রামসেৱক আৰু দীপাংকৰ হাজৰিকা ভূমি সংৰক্ষণ বিভাগৰ ৰেঞ্জাৰ। সোমবাৰে পামহীত গড়চুক আৰক্ষীয়ে অভিযান চলাই হাতে-লােটে গ্রেপ্তাৰ কৰে দুয়ােজনকে।
উল্লেখ্য যে লােকসভা নির্বাচনৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিছিল বিশেষ ফ্লাইং স্কোৱাড। কিন্তু টকাৰ লোভ সামৰিব নোৱাৰা ভক্ষকৰূপী এই দুজন বিষয়াই অভিযানৰ নামত ধন দাবী কৰিছিল বিভিন্নজনক। পামহীত বৰপেটাৰ ফুলবাৰীৰ জাহাংগীৰ আলম নামৰ লােকজনে ব্যৱসায়ৰ বাবে অনা ধনে নির্বাচনী আচৰণবিধি ভংগ কৰা বুলি অভিযােগ তুলি ব্যৱসায়ীগৰাকীৰ পৰা বলপূৰ্বক ধন দাবী কৰে।
জাহাংগীৰ আলমৰ আঢ়ৈ লাখ টকাৰ পৰা ৫০ হাজাৰ টকা কাঢ়ি লয় দুই বিষয়াই। উপায়ান্তৰ আলমে গড়চুক আৰক্ষীক সমগ্ৰ ঘটনাটো অৱগত কৰে। আলমৰ অভিযোগক গড়চুক আৰক্ষীয়ে গুৰুত্বসহকাৰে লৈ পামহীত অভিযান চলাই গ্রেপ্তাৰ কৰে ধৃত আলীকমল হুছেইন আৰু দীপাংকৰ হাজৰিকাক।