নাৰায়নপুৰৰ লেটেকুপুখুৰীত মহাপুৰুষ মাধৱদেৱৰ তিথি উদযাপন

 08/20/2019 - 19:53

নাৰায়নপুৰঃ আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৩ সংখ্যক তিৰুভাৱ তিথি। সমগ্ৰ অসমৰ লগতে মহাপুৰুষ জনাৰ জন্মস্থান নাৰায়নপুৰ লেটেকুপুখুৰীটো আজি বৰ্ণাঢ্য কাৰ্যসুচীৰে ৪২৩ সংখ্যক তিৰুভাৱ তিথি উদযাপন কৰে।

গুৰুজনাৰ স্বৰচিত বৰগীত, নামপ্ৰসঙ্গ, ছালী নৃত্যকে ধৰি বিভিন্ন সত্ৰীয়া সংস্কৃতিৰে আয়োজন কৰা অনুস্থানত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্ত প্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।