জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলত অব্যাহত বনাঞ্চল ধ্বংস যজ্ঞ

 08/21/2019 - 13:04

তিনিচুকীয়ঃ জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে বনাঞ্চল ধ্বংস যজ্ঞ। অসম অৰুণাচলৰ এচাম অসাধু কাঠ মাফিয়াৰ দপদপনি এতিয়া বনাঞ্চলখনত ধংসযজ্ঞ। ইয়াৰ পৰাই নিতৌ শ শ কুণ্ডা সৰবৰাহ হয় অৰুণাচললৈ।

ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ জাগুন আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত টিংকুপানী সংৰক্ষিত বনাঞ্চলত এইবাৰ কলা হীৰা কয়লা খননৰ পৰিবৰ্তে বন মাফিয়াৰ চকু বনাঞ্চল খনৰ বহু মূল্যবান হুলোং গছৰ ওপৰত। টিংকুপানী সংৰক্ষিত বনাঞ্চলত বৰ্তমানে অবাধ গতিত চলিব ধৰিছে কাঠৰ ৰমৰমীয়া ব্যৱসায় ।

সংৰক্ষিত বনাঞ্চল খনৰ পৰা নিতৌ শ শ হুলোং গছৰ কুণ্ডা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামফাই, খাৰছাং আদি বিভিন্ন স্থানলৈ সৰবৰাহ হয় আহিছে। অসম আৰু অৰুণাচল প্ৰদেশৰ কেইজনমান বন মাফিয়াই নিতৌ হাতী-জেচিবি ব্যৱহাৰ কৰি এই ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ তথ্য পোহৰলৈ আহিছে।

উল্লেখ্য যে এই ৰমৰমীয়া ব্যৱসায়ত জাগুন আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ বন কৰ্মচাৰীও জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। এই সমস্ত অবৈধ কাঠৰ ৰমৰমীয়া ব্যৱসায় অৰুণাচল প্ৰদেশ খাৰছাংৰ জনৈক টাংহা উপাধিৰ এজন অসাধু ব্যৱসায়ী আৰু জাগুন বন বিভাগৰ কৰ্মচাৰীৰ লক্ষ লক্ষ টকাৰ গোপন মিতিৰালিত এনে বন ধ্বংস কাৰ্য্য অব্যাহত আছে বুলি ইতিমধ্যে বহু স্থানীয় লোকে অভিযোগ উত্থাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।