পুঠিমাৰী নৈৰ পাৰত বিভাগীয় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ গছপুলি ৰোপন

 08/21/2019 - 13:37

বাইহাটাঃ মঙ্গলবাৰে কমলপুৰৰ কেন্দুকোণাৰ পুঠিমাৰী নৈৰ পাৰত বিভাগীয় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই গছপুলি ৰোপন কৰে। কৃষ্ণচূড়া, সোণাৰু, কদম, শিমলু আদি গছ ৰোপনৰ লক্ষ্যৰে আগবাঢ়ি আহিল ভূমি সংৰক্ষণ বিভাগ।

৬ হেক্টৰ ভূমিত ৮ লাখ টকা ব্যয় সাপেক্ষে  গছ পুলি ৰোপন কৰি ইয়াক আপডালৰ ব্যৱস্থা বিভাগে কৰিব বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে। অবৈধভাবে নৈ সমূহৰ বালি খনন কৰা কাৰ্যত  মন্ত্ৰী গৰাকীয়ে বন বিভাগক ৰাইজৰ স্বাৰ্থ উৰ্ধত ৰাখি কাম কৰি যাবলৈ বন বিভাগক আহ্বান  জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।