মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকাই উন্মোচন কৰিলে ৰেইচ দ্য বাৰ

 08/21/2019 - 14:38

ডিগবৈঃ ডিগবৈৰ আৰ জি ৰোডত অত্যাধুনিক সামগ্ৰীৰে ভৰপূৰ ৰেইছ দ্য বাৰ নামৰ শৰীৰচর্চাৰ এটি কেন্দ্ৰ শুভ উদ্বোধন। শৰীৰ চৰ্চাৰ কেন্দ্ৰতিৰ উদ্ধোধন কৰে মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকাই। মহাদেৱ ডেকাই মন্তব্য কৰি কয় ‘মানুহৰ সুস্থ শৰীৰে এজন মানুহক সতেজ কৰি ৰাখে। শৰীৰ চর্চাৰ কোনো বয়স নাথাকে।

পুৰুষ মহিলা সকলোৱে শৰীৰ চর্চা কৰিব লাগে৷ এটা সুস্থ জীৱন লাভ কৰিবলৈ সকলোকে শৰীৰ চর্চাৰ প্ৰয়োজন’৷লগতে তেওঁ চর্চা কেন্দ্ৰটোত নিজে অত্যাধুনিক সামগ্ৰী সমুহ ব্যৱহাৰ কৰি দেখুৱাই আৰু এনেদৰে সকলোকে আগবাঢ়ি আহিবলৈ অনুপ্ৰেৰণা যাচে।ডিগবৈ স্থিত এই কেন্দ্ৰটোত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ উপযুক্ত হোৱাকৈ সকলো সামগ্ৰী উপলব্ধ বুলিও কয় মহাদেৱ ডেকাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।