মানকাচৰৰ কালাপানীত ভয়াৱহ অগ্নিকাণ্ড

 08/21/2019 - 15:00

মানকাচৰঃ মঙলবাৰে সন্ধিয়া মানকাচৰৰ কালাপানীত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড। কালাপানীৰ জহিৰুল ইছলামৰ ঘৰৰ বিদ্যুতৰ পৰা সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ। এই অগ্নিকাণ্ডৰ ফলত জহিৰুল ইছলামৰ ঘৰৰ লগতে কালাপানীৰ পোষ্ট অফিছ সম্পূৰ্ণৰুপে ধব্বংস হয়। কালাপানী পোষ্ট অফিচৰ বহুতো গুৰুত্বপূৰ্ণ নথি পত্ৰ জুইত জাহ যোৱাৰ সম্ভাৱণা। এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ১৫ লক্ষাধিকৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।