ভূতৰ বাবেই লখিমপুৰত সংঘটিত হ'ল ভয়ংকৰ ঘটনা

 08/21/2019 - 15:20

লখিমপুৰঃ মঙ্গলবাৰে ভূতৰ বাবেই লখিমপুৰত সংঘটিত হ'ল ভয়ংকৰ ঘটনা৷ লখিমপুৰৰ লালুকৰ ঢেকীয়াজুলিৰ বৈষ্ণৱপুৰৰ গোপাল ভূঞা নামৰ আশী উৰ্ধৰ লোক এজনক ঘপিয়ালে উৎপল দত্ত নামৰ যুৱক এজনে৷ জানিব পৰা মতে হৰেন দত্ত নামৰ লোকজনৰ ঘৰত দীৰ্ঘদিনৰ পৰা ভূতে উপদ্ৰৱ চলোৱাৰ এক অন্ধ বিশ্বাস বিয়পি পৰিছিল।

অশৰীৰি আত্মাই প্ৰায়েই ঘৰটোত শিল গুটি দলিয়াইছিল। বিগত বহু বছৰ ধৰি আতংকত আছিল পৰিয়ালটো৷ পূৰ্বে বহুবাৰ ভূতৰ আতংকৰ বিৰুদ্ধে থানাত গোচৰো তৰিছিল৷ আতংকিত পৰিয়ালটোৱে গাঁৱৰ বহু লোকক ভূত মেলি দিয়াৰ সন্দেহ কৰি আহিছিল৷ ভূত মেলাৰ সন্দেহতে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয়লোকৰ।

ঘটনাৰ পিছতেই উত্তেজিত হৈ ওলাই আহিল স্থানীয় শ-শ লোক, অভিযুক্তৰ বাসগৃহত আক্ৰমন কৰি লণ্ড-ভণ্ড কৰি জ্বলাই দিলে ঘৰ। অগ্নি নিৰ্বাপক বাহিনীৰ বাহন সোমোৱাত বাধা প্ৰদান কৰে স্থানীয় বাসিন্দাই৷ বিশাল আৰক্ষী বাহিনীৰ সহযোগত সম্প্ৰতি অগ্নি নিৰ্বাপক বাহিনীয়ে নুমুৱাবলৈ সক্ষম হয়।

উল্লেখ্য যে সংকটজনক অৱস্থাত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লত চিকিৎসাধীন হৈ আছে গোপাল ভূঞা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।