হাজিৰহাট গাওঁ পঞ্চায়তৰ গৃহ নিৰ্মাণত বিয়াগোম দুৰ্ণীতি

 08/21/2019 - 15:38

মানকাচৰঃ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক বুঢ়া আঙুলি দেখুৱাই হাজিৰহাট গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰৌশনাৰা বেগম আৰু তেওঁৰ স্বামী ৰিজাউল ইছলামে পঞ্চায়তৰ গৃহ নিৰ্মাণৰ কামত চলাইছে বিয়াগোম দুৰ্ণীতি। জানিব পৰা মতে চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত চৰকাৰে পঞ্চায়তৰ গৃহ নিৰ্মাণৰ নামত প্ৰায় ২৫ লাখ টকা আবন্টন দিছে। কিন্তু কোনো ফলক নলগাকৈ নিম্ন মানৰ কাম কৰি বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিসন্ধি ৰচিছে সভানেত্ৰী সহ তেওঁৰ স্বামী ৰিজাউল ইছলামে।

ৰহস্যজনক বিষয় যে পঞ্চায়তৰ এজন বিজেপি সদস্যই গৃহ নিৰ্মাণৰ চলি থকা কামটোৰ বিষয়ে সবিশেষ জানিবলৈ সোধ পোছ কৰাত ‘বিজেপিৰ সদস্যৰ কাম নাই, মই এ আই ইউ ডি এফ দলৰ সভাপতি, ফলকবিহীন পঞ্চায়তৰ গৃহ নিৰ্মাণৰ কাম মোৰ মন মতে কৰিম, আমাৰ ইয়াত বিজেপিৰ কাম নাই’ বুলি কৈ সদস্যজনক গাওঁ পঞ্চায়তখনৰ সকলো কাম কাজৰ পৰা বঞ্চিত কৰি ৰাখিছে সভানেত্ৰী গৰাকীয়ে। আনহাতে কামটোৰ সঠিক তদন্ত ক্ৰমে নিম্ন মানৰ কাম কৰি মোটা অংকৰ ধন আত্মসাৎ কৰা দূৰ্ণীতি পৰায়ণ সভানেত্ৰী ৰৌশনাৰা বেগম সহ তেওঁৰ স্বামী ৰিজাউল ইছলামৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দিয়ে আৰু তদন্তৰ বাবে চৰকাৰক দাবী জনায় বিজেপিৰ সদস্যজনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।