লোকসভা নির্বাচনঃ জিলাৰ আৰক্ষী অধীক্ষকসকলক ছ'চিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিবলৈ কঠোৰ নিৰ্দেশ ডিজিপিৰ

 04/02/2019 - 15:02

ডিজিটেল ডেস্কঃ ৰাজ্যত তিনিটা পর্যায়ত অনুষ্ঠিত হ'বলগীয়া লােকসভা নির্বাচন যাতে শান্তিপূর্ণভাৱে অনুষ্ঠিত হয়, তাৰ বাবে সকলাে ধৰণৰ নিৰাপত্তাজনিত ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে। সোমবাৰে এখন সংবাদ মেলত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই কয় যে ইতিমধ্যে আমাৰ লগত কেন্দ্রীয় অর্ধ-সামৰিক বাহিনীৰ ৯০টা কোম্পানী আছে। নির্বাচনৰ প্রতি লক্ষ্য ৰাখি অসমলৈ অতিৰিক্ত কেন্দ্রীয় অর্ধসামৰিক বাহিনীৰ ৩৩টা কোম্পানী প্ৰেৰণ কৰা হৈছে। কোম্পানীকেইটা ইতিমধ্যে অসমত আহি উপস্থিত হৈছে।

পূর্বৰে পৰা অসমত থকা অর্ধসামৰিক বাহিনীৰ কোম্পানীসমূহৰ সৈতে মুঠ ১২৩টা কোম্পানী এইবাৰ ভােটগ্রহণ সময়ত ৰাজ্যত নিয়ােজিত কৰা হ'ব। ভােটাৰসকলে যাতে নিশ্চিন্তমনে ভােটদান কৰিব পাৰে, তাৰ বাবে সকলাে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰি আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে লগতে কয় যে তিনিওটা পর্যায় নির্বাচন শান্তিপূর্ণভাৱে সম্পন্ন কৰিবৰ বাবে সমগ্ৰ ৰাজ্যত প্রয়ােজন অনুসাৰে নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। একে সময়তে এন আৰ চিৰ কাম যাতে বিঘ্নিত নহয়, তাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে।

সংবাদ মেলত ডি জি পি শইকীয়াই লগতে উল্লেখ কৰে যে নির্বাচনৰ সময়ত যিকোনাে ধৰণৰ পৰিস্থিতিৰ মােকাবিলা কৰিবলৈ অসম আৰক্ষী সাজু হৈ আছে। লগতে তেওঁ নিজে চুবুৰীয়া ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানসকলৰে যােগাযােগ চলাই আছে। সীমান্ত অঞ্চলৰ নিৰাপত্তা যাতে বিঘ্নিত হয়, তাৰ বাবে যুটীয়া অভিযান চলােৱাৰ বিষয়েও আলােচনা কৰা হৈছে। একেদৰে ৰে’ল ষ্টেচন, বাছ ষ্টেচন আৰু অন্যান্য জনসমাগম হােৱা অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তােলা হৈছে। অসম আৰক্ষীয়ে এইবাৰ ছ'চিয়েল মিডিয়াৰ ওপৰতাে তীক্ষ্ন নজৰ ৰাখিব বুলি উল্লেখ কৰি ডি জি পিগৰাকীয়ে কয় যে প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকসকলক ছ'চিয়েল মিডিয়াৰ ওপৰত নজৰ ৰাখিবলৈ নির্দেশ দিয়া হৈছে। ইয়াৰ বাবে জিলাসমূহৰ আৰক্ষীক প্রয়ােজনীয় প্রশিক্ষণো প্ৰদান কৰা হৈছে।

ছ'চিয়েল মেডিয়াত প্ৰৰােচনামূলক মন্তব্য কৰিলেই আৰক্ষীয়ে লগে লগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আনহাতে, অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ আগৰৱালাই কয় যে ভাৰতীয় নির্বাচন আয়ােগৰ নির্দেশমর্মে ২০ হাজাৰ অনুজ্ঞাপত্ৰ থকা অস্ত্র-শস্ত্র জব্দ কৰা হৈছে। ৰাজ্যখনত ২৫ হাজাৰৰাে অধিক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ আছে। নির্বাচনৰ পূর্বে এই মাৰণাস্ত্রসমূহাে জব্দ কৰা হ'ব।

একে সময়তে ৩২টা অবৈধ মাৰণাস্ত্রও জব্দ কৰা হৈছে। তদুপৰি নির্বাচন আয়ােগৰ নির্দেশমর্মে এতিয়ালৈকে ৬,৩০০ জামিনবিহীন গ্রেপ্তাৰী পৰােৱানা জাৰি কৰা হৈছে বুলিও সংবাদ মেলত শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।