ৰহাৰ জোঙাল বলহু গড়ত ভয়ংকৰ দুৰ্ঘটনা

 08/21/2019 - 16:40

ৰহাঃ ৰহাৰ জোঙাল বলহু গড়ত মংগলবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। দুখন ট্ৰাকৰ সংঘৰ্ষত প্ৰাণ গ'ল দুজনৰ। জোঙাল বলহু গড়ত ৩৭নং ৰাষ্ট্ৰীয় পথৰ ওপৰত যান্ত্ৰিক বিজুতিৰ বাবে ৰৈ আছিল AS01 HC 7891 নম্বৰৰ ট্ৰাকখন আৰু চালক আৰু হেন্দিমেনজনে পিচফালে গৈ মেৰামতি কৰি আছিল। সেই সময়তে গুৱাহাটীৰ পৰা নগাওঁ অভিমুখে গৈ থকা NL01 L 7744 নম্বৰৰ ট্ৰাকখনে ৰৈ থকা ট্ৰাকখনৰ পিচফালে প্ৰচণ্ড খুন্দা মাৰে।

ফলত ৰৈ থকা ট্ৰাকখন মেৰামতি কৰি থকা হেন্দিমেনজন আৰু খুন্দা মৰা ট্ৰাকখনৰ চালক থিতাতে মৃত্যু হয়। ট্ৰাকৰ হেন্দিমেনজনক পৱন গগৈ বুলি চিনাক্ত কৰা হৈছে যদিও খুন্দা মৰা ট্ৰাকখনৰ চালকৰ পৰিচয় জানিব পৰা হোৱা নাই। আনহাতে ৰৈ থকা ট্ৰাকখনৰ চালকজনো গুৰুতৰভাৱে আহত হয়। আহত চালকজনক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।