সাহিত্য সংস্কৃতিৰ দুমহীয়া আলোচনী 'বৈভৱ'ৰ প্ৰস্তাৱনা সংখ্যাৰ শুভ উন্মোচনী অনুষ্ঠান

 08/21/2019 - 17:59

উত্তৰ গুৱাহাটীঃ অসমৰ খিলঞ্জীয়া সংস্কৃতিৰ সংৰক্ষক, সংবৰ্দ্ধন, প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়াসৰে ভাৰতীয় সংস্কৃতি সংৰক্ষণ ন্যাসে 'বৈভৱ' নামৰ দুমহীয়া আলোচনী প্ৰকাশ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

অহা ২২ আগষ্ট বৃহস্পতিবাৰে দিছপুৰস্থিত pwd convention and training Centre ত 'বৈভৱ' ৰ প্ৰস্তাৱনা সংখ্যাৰ উন্মোচনী সভা অনুষ্ঠিত হ’ব। বিয়লি ৪ বজাৰ পৰা আৰম্ভ হব লগীয়া সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া শ্ৰী শ্ৰী বশিষ্ঠ দেৱশৰ্মাই আনুষ্ঠানিক ভাৱে আলোচনীখন উন্মোচন কৰিব।

ভাৰতীয় সাংস্কৃতি সংৰক্ষণ ন্যাসৰ উপদেষ্টা বিশিষ্ট লেখক শিক্ষাবিদ , বুদ্ধিজীৱী ড০ জয়কান্ত শৰ্মা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ মুনিন্দ্ৰ মোহন ডেকা, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।