ৰাজ্যত আৰম্ভ হ’ব নেকি পুনৰ টোলগেট

 08/21/2019 - 18:16

ৰহাঃ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত টোলগেটকলৈ শেহতীয়া বৈঠকৰ পাচতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰহাতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ শেহতীয়া বৈঠকৰ পাচতে KMSSৰ নেতা অমৃত চাংমাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, প্ৰথমে বিধস্ত পথ মেৰামতি কৰক তাৰপাচতহে টোলগেট আৰম্ভ কৰক৷ টোলগেট আৰম্ভ কৰাৰ প্ৰস্তুতি চলোৱা কথা গম পাই ইতিমধ্য KMSS য়ে ৰহাৰ ভিন্ন প্ৰান্তত সভা সমিতি কৰি ৰাইজক সতৰ্ক কৰি ৰাখিছে আৰু বিধস্ত পথ মেৰামতি নকৰাকৈ টোলগেট আৰম্ভ কৰিলে KMSSৰ তীব্ৰ আন্দোলনৰ সন্মুখীন হ’বলৈ সাজু থাকিবলৈ সকীয়াই দিয়ে নেতাগৰাকীয়ে৷

আনহাতে স্থানীয় যুৱক তথা চালকসকলৰ এটাই দাবী টোলগেট অৱস্থিত স্থানতে বিধস্ত ৰুপ ঘাইপথৰ৷ সেয়েহে প্ৰথমে বিধস্ত পথ মেৰামতি কৰক তাৰপাচত আৰম্ভকৰক টোলগেট বুলি দাবী জনায়৷ আনহাতে অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে বিস্ফোৰন ঘটাই কয়, ৰহাৰ টোলগেট বৈধ নহয়৷ ৰহা নগৰ সমিতিৰ কাৰ্যালয়ৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত্বত অৱস্থিত টোলগেটখন ভাগি দিব লাগে ৰাইজে বা চৰকাৰে৷ ৰাষ্ট্ৰীয় পথটোৰ বিধ্বস্ত ৰুপৰ পাচতো যদি চৰকাৰে অত্যাধিক মাচুলৰে টোলগেট আৰম্ভ কৰে তেন্তে সেইয়া জনসাধাৰনে মানি নলয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।