নগাঁও বেবেজীয়াৰ সমীপৱৰ্তী গাঁৱত বনৰীয়া হাতীৰ মুক্ত বিচৰণ

 08/21/2019 - 18:40

নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী কেইবাখনো গাঁৱত কালি পুৱাৰ পৰা দুটা বনৰীয়া হাতীৰ মুক্ত বিচৰণত আতংকিত অঞ্চলবাসী। পুৱাৰে পৰা চমুৱাগাঁৱৰ এখন বাহঁতলিত আৰু পথৰ দাঁতিত বনৰীয়া হাতীৰ বিচৰন দেখিছিল স্থানীয় ৰাইজে। খাদ্যৰ সন্ধানত জনাঞ্চললৈ প্ৰৱেশ কৰা বনৰীয়া হাতী দুটাৰ খোজৰ চিন অঞ্চলটোৰ বিভিন্ন ঠাইত দেখা পোৱা যায়। ঘটনাস্থলীত জাজৰি আৰক্ষী আৰু নগাঁও বন বিভাগৰ বনৰক্ষীৰ লোক উপস্থিত হৈ পুৱাৰে পৰা নিশা লৈকে প্ৰায় ১৫ ঘণ্টা ধৰি বন্যহস্তী খেদাৰ চেষ্টা অব্যাহত ৰাখি অৱশেষত নিশা ১১ মান বজাত নগাঁও বনৰক্ষী বিষয়া জয়ন্ত গোস্বামীৰ তত্বাবধানত বনৰক্ষীয়ে স্থানীয় আৰক্ষীৰ সহযোগত বন্যহস্তী দুটা তীক্ষ্ণ নজৰত ৰাখি ডিমৌৰ মুকলি পথাৰৰ ফালে বন্যহস্তী দুটা জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে বনৰক্ষী সক্ষম হয়। ইয়াৰ পাছতে জনাঞ্চলৰ ৰাইজৰ মাজত হৈ থকা আতংকময় পৰিৱেশৰ নিজম পৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।