স্বাধীনতাৰ ৭৩ বছৰৰ পাছতো চৰকাৰ তথা মালিকপক্ষই কৰিব নোৱাৰা কাম কৰি দেখুৱালে মাত্ৰ তিনিমাহত দুটা বেচৰকাৰী সংস্থাই

 08/21/2019 - 19:06

মৰিয়নীঃ দেশ স্বাধীন হোৱা ৭০ বছৰতকৈ অধিক সময় হ’ল৷কিন্তু আজিলৈকে শাসনৰ গাদীত বহাৰ আগত জনপ্ৰতিনিধিয়ে কোৱা কথা সমুহ বাস্তৱত কাহানিও নকৰে৷ যি দলে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰত নাথাকক কিয় চাহ বাগিচাৰ লোক সকলক কেৱল ভোট বেংকৰ খাতিৰত ব্যৱহাৰ কৰাৰ বাহিৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নগল৷ অসমৰ চাহ কেৱল অসমতে সীমাবদ্ধ নহয় সমগ্ৰ দেশৰ লগতে বিদেশৰ বহু কেইখন দেশত সমাদৰ পাবলৈ সক্ষম হৈছে৷

কিন্তু এই চাহ খেতিৰ লগত জৰিত প্ৰকৃত শ্ৰমিক সকলে তেওঁলোকৰ প্ৰাপ্যৰ বাবে আজিও ৰাজপথত বহিব লগা হয়৷৷আমি অসমীয়া আৰু প্ৰত্যাশা নামৰ দুটা বেচৰকাৰী সংষ্ঠাৰ উদ্যোগত যোৰহাট জিলাৰ মৰিয়নীৰ চতাই চাহ বাগিচাত বিগত ৩ মাহ ধৰি এটা পাইলট প্ৰজেক্টৰ কাম কৰি যথা সম্ভৱ বাগিচাখন আৰ্থিক, শৈক্ষিক, দিশত বিশেষ আগবঢ়াই নিবলৈ চেষ্টা কৰে সংস্থাটোৱে৷ চলিত বছৰৰ ২০ মেত মিছন প্ৰগতি নামৰ এটা পাইলট প্ৰজেক্টৰ শুভাৰম্ভ কৰে৷ এই প্ৰজেক্টৰ মূল উদেশ্য হৈছে,পৰিষ্কাৰ-পৰিচ্ছন্নতা, সাংস্কৃতিক ,জীৱিকা, শিক্ষা, স্বাস্থ্য, পুষ্টিকৰ আহাৰ,সামাজিক নিৰাপত্তা, সামাজিক মূল্যবোধ৷ স্বাধীনতাৰ পাছত দশক দশক ধৰি মৰিয়নী সমষ্টিটো চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে৷ কাৰণ ১/৩ অংশ ভোট চাহ জনগোষ্ঠীৰ লোকৰ যদিও আজিও চাহ বাগিচাৰ লোক সকলকলৈ কেৱল ভোট বেংকৰ খাতিৰত ৰাজনীতি কৰাৰ বাহিৰে কোনো ধৰণৰ বিশেষ কাম কৰা পৰিলক্ষিত নহয়৷

আমি অসমীয়া আৰু প্ৰত্যাশাৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়া মতে চতাই বাগিচা খনত পূৱে বহুত সমস্যা আছিল৷ কিন্তু এই বেচৰকাৰী সংস্থাৰ কামকাজ সমুহত ৰাইজে সহায় সহযোগ কৰি বাগিচাৰ প্ৰতিজন লোকে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত সহায় কৰে৷ বাগিচাৰ লোক সকলে কি দৰে নিজকে স্বাৱলম্বী কৰি তুলিব তাৰ বাবে তেওঁলোকক কিছু সজাগতা মুলক অনুষ্ঠানৰ আয়োজন কৰে৷ লগতে শিশু সকলৰ বাবে শিক্ষা,স্বাস্থ্য ক্ষেত্ৰত বিশেষ মনোযোগ দিবলৈ দক্ষতা বৃদ্ধি চেষ্টা কৰে৷

সমান্তৰালভাৱে চাহ বাগিচাৰ লোক সকলৰ শিক্ষাৰ অভাৱৰ বাবে তেওঁলোকে সমাজৰ বিৰুদ্ধাচৰণ কামকাজ কৰে যেনেকৈ সুৰাপান কৰি কাজিয়া, ডাইনী, সোপাধৰা, ভোটপূজা আদিবোৰৰ ক্ষেত্ৰত বিশেষ সজাগতা সভা আয়োজন কৰে৷ লগতে বাগিচাৰ জেষ্ঠ তথা শিক্ষিত লোকৰ সহায়ত একমত হয় বাগিচাত সম্পূৰ্ণৰূপে সুৰা বন্ধ কৰি দিয়াৰ লগতে সুৰা বিক্ৰী কৰা লোকক জৰিমনা বিহাৰ উপৰিও আইনিভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ এই ক্ষেত্ৰত সংস্থা দুটাই কোনো ধৰণৰ চৰকাৰী সহায় সহযোগিতা নোলোৱাকৈ একক প্ৰচেষ্টাত সমাজৰ আগত যি আৰ্হি দাঙি ধৰিলে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।