অহা ৮ আৰু ৯ এপ্ৰিলত বন্ধ থাকিব যাত্রীবাহী বাছ

 04/02/2019 - 15:08

ডিজিটেল ডেস্ক: অহা ৮ আৰু ৯ এপ্ৰিলত ৰাজ্যত অচল হ'ব যাএীবাহী বাছ। কাৰণ পৰিবহণ মন্ত্ৰীৰ ঘোষণাৰ পাছতো আজিলৈকে বৃদ্ধি নহল বাছৰ ভাড়া। বাছ মালিক সন্হাই অভিযোগ কৰা অনুসৰি, ২০১২ চনৰ নিৰিখতে তেওঁলোকে ভাড়া আদায় কৰি আহিছে।

যাৰ পৰিপেক্ষিতত তেওঁলোকে তেজপুৰত অনুষ্ঠিত যাএীবাহী পৰিবহণ ব্যবসায়ীসকলৰ বৈঠকত দুদিন চকা বন্ধৰ আহ্বান জনায়।

পঞ্চায়ত নিৰ্বাচনৰ অধিগ্ৰহণ কৰা বাছৰ টকা বৰ্তমানলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰি সমাগত লোকসভা নিৰ্বাচনৰ কামত বাছ নিদিয়াৰ সিদ্ধান্ত লয় সন্থাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।