পলাশবাৰীৰ কান্দুপুৰত বোৱাৰীৰ ৰহস্য জনক মৃত্যু

 08/21/2019 - 19:07

পলাশবাৰীঃ কান্দুপুৰৰ নিবাসী কৃষ্ণ দাস নামৰ লোক জনে পত্নী কবিতা বৰুৱাক পৰিকল্পিত ভাৱে হত্যা কৰাৰ অভিযোগ কবিতাৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ। স্বামী কৃষ্ণ দাসক গ্ৰেপ্তাৰৰ দাবীত পলাশবাৰী থানা ঘেৰাও মাজিৰগাঁও ৰাইজৰ। থানা ঘেৰাওৰ পিছত উত্তেজিত জনতাই স্বামীগৃহৰ আচবাব লণ্ড ভণ্ড কৰাৰ লগতে চোতালতে জ্বলাই দিলে ঘৰৰ আচবাব সমূহ।

জানিবপৰা মতে দীৰ্ঘদিন ধৰিতিনি সন্তানৰ মাতৃ কবিতা বৰুৱাক স্বামী কৃষ্ণ দাসে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছে বুলি অভিযোগ স্হানিয় ৰাইজৰ। ইতিমধ্যে অভিযুক্ত স্বামী কৃষ্ণ দাসৰ লগতে কৃষ্ণৰ ভনী পপিতা দাসক পলাশবাৰী আৰক্ষীয়ে সোধা পোছাৰ বাবে থানালৈ আনিছে জানিবপৰা গৈছে৷ ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।