হৰিনামৰ ধ্বনিৰে মুখৰিত তেলীয়া পথাৰ পূণ্য অৰণ্য নামঘৰ

 08/21/2019 - 19:28

খোৱাং: ভাদ মাহৰ প্ৰথম দিনটোৰ পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মৰাণ তেলীয়া পথাৰৰ পূণ্য অৰণ্য নামঘৰ। হৰিনাম,দিহানাম আৰু কীৰ্ত্তন পাঠেৰে অন্য এক বৈকুণ্ঠ পুৰীলৈ পৰিণত হৈছে সমগ্ৰ তেলীয়া পথাৰ । উজনি অসমৰ অন্য এক নামঘৰ হিচাপে পৰিচিত হোৱা পূণ্য অৰণ্য নামঘৰত আন বছৰৰ দৰে এইবছৰো  পবিত্ৰ ভাদ মাহটো মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসঙ্গ আয়োজন কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে। পূণ্য অৰণ্য নামঘৰৰ দাঁ‌তিকাষৰীয়া মুঠ ২০১ ভাগি নামঘৰৰ সহযোগত অনুষ্ঠিত হোৱা এই নাম প্ৰসঙ্গ মাহজোৰি চলিব। ১৫ গৰাকী নামাচাৰ্যই অংশগ্ৰহণ কৰা এই নাম প্ৰসঙ্গত নামঘৰ পৰিচালনা সমিতিয়ে নিৰ্ধাৰণ কৰি দিয়া নামঘৰ সমূহে নিৰ্দিষ্ট তাৰিখত অংশ গ্ৰহণ কৰিব। আধ্যত্মিকতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা এই পূণ্য অৰণ্য নামঘৰত বৃহত্তৰ অঞ্চলটোৰ বহু সংখ্যক পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে প্ৰতি দিনে নাম প্ৰসঙ্গত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।