মানকাচৰৰ কালাপানীৰ অস্থায়ী ডাকঘৰত ভয়াৱহ অগ্নিকাণ্ড

 08/21/2019 - 19:34

দক্ষিণ শালমাৰাঃ মানকাচৰৰ কালাপানী বজাৰৰ জহিৰুল ইছলাম নামৰ লোক এজনৰ ঘৰত যোৱা নিশা এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত জহিৰুল ইছলামৰ পকী ঘৰৰ তিনিটা কোঠালী সম্পূৰ্ণৰূপে জুইত ভষ্মীভূত হয়। এই জুই সম্প্ৰসাৰিত হৈ জহিৰুল ইছলামৰ ঘৰৰ এটা কোঠাত ভাৰাত চলি থকা কালাপানী ডাকঘৰটো জুইত জাহ যায়।

অগ্নিকাণ্ডৰ ফলত ডাকঘৰৰ নথিপত্ৰ জ্বলি ভষ্মীভূত হয়। অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডত ঘৰৰ আচবাৱ পাত্ৰ আৰু ডাকঘৰৰ সামগ্ৰীকে ধৰি লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সুত্ৰপাত ঘটা বুলি অনুমান কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।