লখিমপুৰত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট

 08/22/2019 - 14:45

লখিমপুৰঃ আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলা সমিতিৰ লগতে লখিমপুৰ জিলা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। অসমৰ প্ৰায় ৪০ লাখ অনুসূচিত জাতিৰ লোকৰ সৰ্বাংগীণ উন্নয়ন আৰু কল্যাণৰ স্বাৰ্থত অন্যান্য সমস্যা সমূহৰ সমাধানৰ লগতে স্বায়ত্ব শাসন প্ৰদান কৰিবলৈ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ দ্বাৰা দাবী জনোৱা হয়।

অনুসূচিত জাতিটোক চৰকাৰে মাথোঁ প্ৰতাৰনা কৰাৰ অভিযোগ তুলি অতিশীঘ্ৰে দাবী পূৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে, লগতে লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।