08/22/2019 - 15:05
in
ডিজিটেল ডেস্কঃ ৩০৫ কোটি আই এন এক্স মিডিয়া কেলেংকাৰী অভিযোগত চি বি আই এ গ্ৰেপ্তাৰ কৰে প্ৰাক্তন বিত্ত তথা গৃহ মন্ত্ৰী পি চিদাম্বৰমক। বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় চিদাম্বৰমক। বৃহস্পতি বাৰে দিনৰ ২বজাত ৰাউজ এভিনিউৰ চি বি আই ৰ বিশেষ আদালতত হাজিৰ কৰোৱা হব চিদাম্বৰমৰক। অজয় কুমাৰৰ বিশেষ আদালতত হাজিৰ কৰোৱা হব চিদাম্বৰমৰক।
চি বি আইৰ ৩০ গৰাকী বিষয়াৰ এটা দল দিল্লী আৰক্ষী বিষয়াৰ সৈতে জোৰ বাগস্থিত বাসগৃহত উপস্থিত হয়। চিদাম্বৰমৰ বাসগৃহৰ গে'ট বন্ধ হৈ থকাত দেৱাল পাৰ হৈ প্ৰৱেশ কৰে চি বি আইৰ দলটো। পিছত ই ডি ৰ দলো উপস্থিত হয়৷ প্ৰায় এঘণ্টাৰ মূৰত চিদাম্বৰমক গ্ৰেপ্তাৰ কৰি লোডি ৰোডৰ চিজি'অ কংপ্লেক্সস্থিত চি বি আইৰ মুখ্য কাৰ্যালয়লৈ লৈ গৈছিল।