ধিঙত বন গাহৰিৰ আক্ৰমনত স্বামী-স্ত্ৰীসহ প্ৰাণ গ’ল তিনিজনৰ

 08/22/2019 - 15:23

ধিংঃ বুধবাৰে নিশা বন গাহৰিৰ আক্ৰমনত স্বামী-স্ত্ৰী সহ তিনিগৰাকী লোকৰ মৃত্যুক কেন্দ্ৰ কৰি শোকাকুল পৰিৱেশ বিৰাজ কৰিছে ধিঙৰ অতি দুৰ্গম অঞ্চল খুন্দলীয়া চৰত। আজি তিনিটাকৈ মৃতদেহ ঘৰ আহি পোৱাৰ লগে লগে কান্দোনৰ ৰোল উঠে অঞ্চলটোত। ইফালে চকুৰ সন্মুখতে মাক-দেউতাকক হেৰুৱাই জীয়ৰীৰ হিয়া ভগা ক্ৰন্দনৰ সেই অসহনীয় দৃশ্যই ব্যথিত কৰি তুলিছে প্ৰতিজনক।

পিতৃ নুৰ মহম্মদ আৰু মাতৃ জাহনাৰা বেগমৰ মৃতদেহ সৎকাৰৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহন কৰিছে যদিও বৰ্হিৰাজ্যত থকা একমাত্ৰ পুত্ৰ আহি পোৱাৰ পিছতহে জানাজাৰ সম্পন্ন কৰিব। আনহাতে, একেটা পৰিয়ালৰ কুলচুমা খাতুনৰ মৃতদেহ কাষত লৈ শোকত ভাগি পৰিছে পৰিয়াল তথা গাওঁবাসী। উল্লেখ্য যে, বন গাহৰিটো এতিয়াও সেই অঞ্চলতে থকা বুলি অঞ্চলটোৰ লোক এক আশংকাত ভূগিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।