ডিব্ৰুগড় সমষ্টিৰ আঠ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

 04/02/2019 - 15:30

ডিব্ৰুগড়: ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা মুঠ সাত গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী বিষয়া পল্লৱ গোপাল ঝাৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে।

মনোনয়ন দাখিল কৰা সকলৰ ভিতৰত আছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৱন সিং ঘাটোৱাৰ, নেচনেল পিপুলছ পাৰ্টিৰ ভবেন বৰুৱা, নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে ম:নুৰুল হুদা, ইমদাদুল ইছলাম শইকীয়া, ডঃ টাইটাচ ভেংৰা, ৰুবুল বুঢ়াগোহাঁই, ইজৰাইল নন্দ আৰু অপূৰ্ব শইকীয়া।

ইতিমধ্যে, বিজেপিৰ ৰামেশ্বৰ তেলীকে ধৰি সৰ্বমুঠ আঠজন প্ৰাৰ্থীয়ে ১৩নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।