২০২১ চনৰ প্ৰাকমুহুৰ্তত বহু বিজেপি নেতাই যোগ দিব কংগ্ৰেছত

 08/22/2019 - 15:51

গোলাঘাটঃ কংগ্ৰেছৰ পৰা বিজেপিলৈ নেতাৰ দল বাগৰা কায্যক লৈ এইবাৰ মুখ খুলিছে সাংসদ গৌৰৱ গগৈয়ে। চিবিআই, লুইত বাৰ্জাৰ, আদিৰ পৰা বাচিবলৈ বিজেপিলৈ ধাপলি মেলিছে এই সকল নেতা। কংগ্ৰেছ দল এতিয়া শক্তিশালী হ’ব। বিজেপি দল ধংস কৰিব কংগ্ৰেছৰ পৰা যোৱা ন বিজেপিসকলে। এতিয়া পুৰণি বিজেপিসকলক গুৰুত্বহীন কৰিছে দলটোৱে।

গোলাঘাটত আজি Don Bosco কলেজৰ কলা শাখা উদ্ধোধন কৰি সংবাদ মাধ্যমৰ আগত এনেদৰে কয় গৌৰৱ গগৈয়ে। বিজেপি দলক তীব্ৰ সমালোচনা কৰি কয় বহু পঞ্চায়তৰ কংগ্ৰেছী ৱাৰ্ড মেম্বাৰক বিজেপি হ’বলৈ হেচা প্ৰদান কৰাৰ অভিযোগ কৰিছে সাংসদ গৰাকীয়ে। বিজেপিৰ ঘৰৰ ভিতৰত টেলেণ্টৰ অভাৱ সেইবাবে কংগ্ৰেছী সকলক নিছে।

কংগ্ৰেছ মুক্তৰ কথা কোৱা বিজেপিয়ে কংগ্ৰেছী সকলক আদৰি লৈ বিজেপি দলটো যে অস্তিত্বৰ সংকটত পৰিছে সেইটো প্ৰমাণিত হৈছে। কংগ্ৰেছ দলটো শক্তিশালী কৰাৰ বাবে কাম কৰিব বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে।উল্লেখ্য যে ২০২১ চনৰ প্ৰাকমুহুৰ্তত বহু বিজেপি নেতাই যোগ দিব কংগ্ৰেছত। যোগাযোগ চলিছে গৌৰৱ গগৈৰ সৈতে। গোলাঘাটত এই কথা সদৰি কৰে সাংসদ গৌৰৱ গগৈয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।