ৰৌতা আৰক্ষীৰ বৃহৎ সাফল্য

 08/22/2019 - 16:40

ওদালগুৰিঃ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত আমিনপাৰা গাঁৱত ৰৌতা আৰক্ষীয়ে এক অভিযান চলাই প্ৰায় ৫০ কি’লোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। ৰৌতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত বৰুৱাই জনোৱা মতে, এক গোপন খবৰৰ পম খেদি আমিনপাৰা গাঁৱৰ নুৰ হুছেইন নামৰ ব্যক্তিজনৰ ঘৰত ৰাতিপুৱা ১০ মান বজাত অভিযান চলায়।

অভিযান কালত ব্যক্তিজনৰ নিজ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জাখিনি উদ্ধাৰ কৰাৰ লগতে নুৰ হুছেইনকো আটক কৰি ৰৌতা আৰক্ষী থানালৈ লৈ আহে। পিছত আৰক্ষীয়ে নিজাববীয়াকৈ IPC '20'C ধাৰাত আৰু 114/19 নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।