বাইহাটা চাৰিআলি স্কুলত  চুৰিকাণ্ড

 08/22/2019 - 17:12

 বাইহাটাঃ বাইহাটা চাৰিআলিৰ বীৰদত্ত হাই স্কুলত  নিশা সংঘটিত কৰে চুৰি কাৰ্য্। বিদ্যালয়ৰ কম্পিউটাৰ কক্ষত লগোৱা তলা ভাঙি চোৰে চুৰি কৰি লৈ যায় ১১টা কম্পিউটাৰৰ লগতে এটা জেনেৰেটৰ। নৈশ চকীদাৰ নথকাৰ সম্পূৰ্ন সুযোগ গ্ৰহণ কৰি চোৰে সামগ্ৰীসমূহ চুৰি কৰি নিবলৈ সক্ষম হয়। নৈশ চকীদাৰৰ বাবে বিভাগৰ ওচৰত বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছিল যদিও  বিভাগে নৈশ চকীদাৰ নিয়োগ কৰা নাছিল। যাৰ বাবে বিমোৰত পৰিছে স্কুলৰ শিক্ষক সকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল। এতিয়া এই ঘটনাৰ উচিত তদন্ত কৰি এই চুৰি কাৰ্যত জড়িতসকলক গ্ৰেপ্তাৰৰ দাবী জনাইছে শিক্ষক তথা স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।