ৰহা মীন মহাবিদ্যালয়ত প্ৰেক্ষাগৃহৰ উদ্বোধন

 08/22/2019 - 17:24

ৰহাঃ বৃহস্পতিবাৰে মন্ত্ৰী পৰিমল শুক্ল বৈদ্যয়ে ৰহা মীন মহাবিদ্যালয়খনত নতুনকৈ নিৰ্মাণ কৰা এটা প্ৰেক্ষাগৃহৰ লগতে এটা ছাত্ৰী আৱাসো উদ্বোধন কৰে। পাঁচ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক প্ৰেক্ষাগৃহটো অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য প্ৰফেছৰ কমলমল্ল বুজৰবৰুৱা নামেৰে নামকৰণ কৰা হৈছে।

সম্পূৰ্ণ গাম্ভীযপূৰ্ণ তথা মাংগলিক ধ্বনিৰ মাজেৰে প্ৰেক্ষাগৃহটো উদ্বোধন কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰহা মীন মহাবিদ্যাবিদ্যালয়খন দেশৰ ভিতৰতে আগশাৰী শিক্ষানুষ্ঠান বুলি উল্লেখ কৰে। লগতে মন্ত্ৰীগৰাকীয়ে থলুৱা মাছ সংৰক্ষনৰ বাবে চৰকাৰে প্ৰকল্প হাতত লোৱা বুলি সদৰি কৰে। এই উপলক্ষে নৱ নিৰ্মিত প্ৰেক্ষাগৃহটোতে এক সভাও অনুষ্ঠিত হয়।

অনুষ্ঠানত স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাস, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য কমলমল্ল বুজৰবৰুৱা, বৰ্তমানৰ উপাচাৰ্য অশোক ভট্টাচাৰ্য প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আনহাতে নিজৰ নামত মীন মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহটো নামকৰণ কৰাত আপ্লুত অনুভৱ কৰিছে বুলি উল্লেখ কৰে প্ৰাক্তন উপাচাৰ্য কমলমল্ল বুজৰবৰুৱাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।