নগাৰ উপদ্ৰৱঃ ঘৰৰ পৰা উঠাই নি হত্যাৰ ভাবুকি সীমান্তবাসী অসমীয়া গঞাক

 04/02/2019 - 15:52

মেৰাপানীঃ ‘গছ কটাত বাধা নিদিবি, ৰাতি ঘৰৰ পৰা উঠাই নি খতম কৰি দিম’। বেদখলত বাধা প্রদান কৰাৰ বাবে এনেদৰেই সীমান্তবাসী অসমীয়া গঞাক চৰম ভাবুকি প্রদান কৰিছে নগাই। অসম-নাগালেণ্ড সীমান্তৰ ডি ছেক্টৰ মেৰাপানীৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত তৰাণি গাঁও পঞ্চায়তৰ ৬নং ৱাৰ্ডৰ ২নং ওপৰ তৰাণি ক’লাজানত নাগালেণ্ডৰ ইম্পাং বস্তিৰ এদল নগা দুবৃর্তই অসমীয়াৰ মাটিত বেদখল চলাই বৃহৎ ভূমিখণ্ড জুই জ্বলাই দিয়াৰ লগতে ৰােপণ কৰি থােৱা বহু গছ-গছনি কাটি ধ্বংস কৰে।

সত্তৰৰ দশকৰ পৰাই অসমৰ ক'লাজান তৰাণিবাসীয়ে কৃষিকর্ম কৰি অহা পাহাৰৰ নামনিৰ এই পলসুৱা ভূমিখণ্ডত শেনচকু পৰা নগাসকলে অতর্কিতে হাত হাতে দা-কুঠাৰ লৈ অসমীয়া কৃষকে ৰােপণ কৰি থােৱা কলপুলি, তামােলপুলি আৰু বিভিন্ন ধৰণৰ গছপুলি কাটি জুই জ্বলাই নিজৰ দখললৈ নিয়াৰ অপচেষ্টাত লিপ্ত হয়।

২নং ওপৰ তৰাণি কলাজানৰ লােকেশ্বৰ বৰা,প্রদীপ ভূঞা, বগাই চুতীয়া, সর্বেশ্বৰ বৰা নামৰ এই লােককেইজনৰ দখলীকৃত মাটিত ইম্পাং বস্তিৰ লিমাই নামৰ এজন নগাৰ নেতৃত্বত এই বেদখল চলে। জুই জ্বলােৱা প্রত্যক্ষ কৰি সীমান্ত বাসী লােকসকলে ঘটনাস্থলীলৈ গৈ তেওঁলােকৰ মাটিত বেদখল চলােৱা নগাসকলৰ সৈতে তর্ক-বিতর্কত লিপ্ত হয়। লিমাই নামৰ নগাজনে গছ কটা আৰু মাটি দখল কৰাত বাধা প্রদান কৰিলে নিশাই উঠাই নি পাহাৰত শেষ কৰি দিম বুলিও সর্বেশ্বৰ নামৰ কৃষক জনক চৰম ভাবুকি প্রদান কৰে।

গাড়ী-মটৰ লৈ অস্ত্র-শস্ত্রই সু-সজ্জিত হৈ অহা নগাৰ দলটোৱে ইম্পাং বস্তিৰ নামনিত নতুনকৈ স্থাপিত হােৱা নগা আৰক্ষীৰ শিবিৰৰ ভয় দেখুৱাই স্থানীয় লােকসকলক ভীতিগ্রস্ত কৰাৰাে চেষ্টাত লিপ্ত হােৱা বুলি লােকসকলে জানিবলৈ দিয়ে। স্থানীয় লােকসকলৰ সৈতে তর্ক-বিতর্ক হােৱাত আৰু সাংবাদিকসকল উক্ত স্থানত উপস্থিত হােৱাৰ পাছত নগাসকলে গাড়ীৰে সেই স্থান পৰিত্যাগ কৰে।

নগাৰ এই চৰম ভাবুকিত স্থানীয় লােকসকল শংকিত হৈ পৰিছে, লগতে ইম্পাং বস্তিৰ কাষতে নতুনকৈ স্থাপিত কৰা নগা আৰক্ষী ছাউনীটোৰ বাবেই স্থানীয় নগাসকল সাহসী হৈ এনেদৰে ভূমি অধিকাৰক লৈ সংঘাত সৃষ্টি কৰিছে বুলি অসমৰ লােকসকলে দাবী কৰিছে। অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিকসকলে প্রায় সত্তৰৰ দশকৰ পৰা এই ভূমিখণ্ডত কৃষিকৰ্ম কৰি অহাৰ লগতে তেওঁলােকে ৰােপণ কৰা বৃহৎ আকাৰৰ গছ-গছনিবােৰে অসমৰ লােকসকলৰ ভূমি অধিকাৰকে প্রমাণিত কৰে বুলি উল্লেখ কৰি জাতি-মাটিৰ কথা কোৱা চৰকাৰখনক সীমান্তবাসীৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিবলৈ দাবী জনাইছে।

ইফালে ঘটনাস্থলীত মেৰাপানীত সীমান্তত নিয়ােজিত ১৪২নং চি আৰ পি এফ বাহিনী আৰু পলমকৈ মেৰাপানী আৰক্ষী উপস্থিত হৈ সমগ্র ঘটনাৰ বুজ লয়। ঘটনাস্থলীত উপস্থিত হােৱা দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিনন্দ গগৈ, সম্পাদক সঞ্জীৱ সােণােৱালে অসমৰ মাটিত নগাৰ বেদখলী প্রচেষ্টা আৰু ভাবুকিক গৰিহণা জনােৱাৰ লগতে সীমান্তবাসী অসমীয়াৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ দাবী তুলিছে।

এই ঘটনাৰ পাছত উক্ত অঞ্চলটোত নিৰাপত্তাৰ দিশটো কটকটীয়া কৰি লােকসভা নির্বাচন যাতে শান্তিপূর্ণভাৱে সম্পাদিত হয় সেইক্ষেত্ৰত চৰকাৰ-প্রশাসনে লক্ষ্য ৰাখি কাম কৰিবলৈ ৰাণি মণ্ডল যুৱ কংগ্রেছৰ দলটোৱে দাবী জনাইছে।

নিৰপেক্ষবাহিনীৰ মেৰাপানীস্থিত ছেক্টৰ কমাণ্ডেণ্ট চন্দন কুমাৰে অঞ্চলটোত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ ব্যৱস্থা কৰাৰ লগতে এই সন্দৰ্ভত দুয়াে ৰাজ্যৰ সীমান্ত দণ্ডাধীশ আৰু উচ্চপদস্থ সংশ্লিষ্ট কর্তৃপক্ষক সমগ্র বিষয় জ্ঞাত কৰিব বুলি জনাইছে। উল্লেখ্য যে তৰাণিৰ ছয় নং কলাজান গাঁও আৰু নাগালেণ্ডৰ সমীপৰ ইম্পাং বস্তিৰ মাজত নাগালেণ্ডে দ্বিপাক্ষিক চুক্তি উলংঘন কৰি স্থাপন কৰা নগা আৰক্ষীৰ শিবিৰটোৰ গইনা লৈ নগাসকলে ভূমিদখলকে ধৰি বিভিন্ন বিষয়ত হাত উজান দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।