বৰপেটা ৰোড বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

 08/22/2019 - 17:55

বৰপেটাঃ বিদ্যুতৰ লুকা ভাকুত অতিষ্ঠ হৈ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰিলে বাক্সাৰ ৭ টাকৈ সংগঠনে। বৰপেটা ৰোড বিদ্যুৎ সংমণ্ডল কাৰ্যালয় ঘেৰাও আছু, আছা, আক্ৰাছু, এবিএমছু, আমছু, সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চৰ লগতে কেইবাটাও সংগঠনৰ।

বিদ্যুৎ বিভাগ হায় হায়, বিদ্যুতৰ সমস্যা সমাধান কৰক, শক্তি মন্ত্ৰী মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ। বিগত ছয় মাহে বৰপেটা ৰোড বিদ্যুত সংমণ্ডলৰ অধীনৰ ২ নং ফিডাৰৰ অধীনস্থ গোৱৰ্দ্ধনা, বাঁ‌হবাৰী, মানাহ , আনন্দ বজাৰ , কালপানী, নিমুৱা, খাৰিজা বিজনী, গাতি আদি অঞ্চলৰ ৰাইজ বিদ্যুতৰ লুকা ভাকুত অতিষ্ঠ হৈ পৰাৰ অভিযোগ তুলি সংগঠনকেইটাই আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।