পুত্ৰৰ বিৰুদ্ধে গোচৰ মাতৃৰ

 08/22/2019 - 18:08

অভয়াপুৰীঃ অভয়াপুৰীত পুত্ৰৰ নিৰ্যাতন সহিব নোৱাৰি বাটে-পথে, আনৰ ঘৰত আশ্ৰয় অসহায় এগৰাকী মাতৃৰ। অভয়াপুৰীৰ শিৱপুৰ ৰামনগৰৰ কুলাংগাৰ পুত্ৰৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি এগৰাকী মাতৃয়ে নিজ গৃহ ত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা ঘটনাই অঞ্চলটোৰ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰাপ্ত বাতৰি মতে, অভয়াপুৰী থানাৰ অন্তৰ্গত শিৱপুৰ ৰামনগৰৰ হৰিলাল দাসৰ পত্নী সাবিত্ৰী দাসক নিজ পুত্ৰ লৱ দাসে দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই থকাৰ ফলত উপায়ন্তৰ হৈ সাবিত্ৰী দাসে বিগত প্ৰায় ১৫ দিন ধৰি অভয়াপুৰীৰ বাটে-পথে, থাকি উপায়হীন হৈ আইনৰ সহায় লবলগীয়া হৈছে।

উল্লেখ্য যে ঘটনা সম্পৰ্কে তেওঁৰ পতি হৰিলাল দাসে সকলো জানিও সাবিত্ৰী দাসৰ পক্ষ নলৈ পুত্ৰৰ পক্ষ লোৱাত মানসিক ভাবে ভাগি পৰিছে নিৰ্যাতিতা মাতৃগৰাকী। নিৰ্যাতিতা সাবিত্ৰী দাসে তেওঁৰ কুলাংগাৰ পুত্ৰই তেওঁৰ ওপৰত চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে আজি অভয়াপুৰী থানাত এখন এজাহাৰ দাখিল কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।