উত্তৰ গুৱাহাটীৰ আউনীআটী কমল দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ওলমিল তলা

 08/22/2019 - 19:54

আমিনগাঁওঃ বৃটিছৰ দিনতে ১৮৬৭ চনত নিৰ্মাণ কৰা মহানগৰীৰ এখন সম্ভ্ৰান্ত বিদ্যালয়ত হঠাৎ তলা ওলমিল। বিদ্যালয়ৰ অধ্যক্ষা চাৰুলতা কলিতাই আগবঢ়োৱা মন্তব্য অনুসৰি উত্তৰ গুৱাহাটীত ১৮৬৭ চনত নিৰ্মাণ কৰা  আউনীআটী কমল দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষাই গেটত লগাইছিল তলা। অভিযোগ মতে শিক্ষক শিক্ষয়ত্ৰী সময়মতে উপস্থিত নহয় বিদ্যালয়ত। তলা লগোৱাৰ পিছত বিদ্যালয়ত হাহাকাৰ অৱস্থা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হ’ল আৰক্ষী, উপস্থিত হ'ল বিদ্যালয় পৰিচালনা সমিতি। ইয়াৰ পিছতে অধ্যক্ষাৰ কোঠাত অধ্যক্ষা আৰু পৰিচালনা সমিতিৰ মাজত তীব্ৰ বাক বিতণ্ডা সৃষ্টি হয়। বিদ্যালয়ৰ হুলস্থূলীয়া পৰিস্থিতত বিদ্যালয়ৰ বাহিৰ হ'ল শিক্ষাৰ্থী। ঐতিহ্যমণ্ডিত  আউনীআটী কমল দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে হেৰুৱাইছে গৰিমা। বিদ্যালয়ৰ অধ্যক্ষা চাৰুলতা দেৱীৰ বিৰুদ্ধে গৰজি উঠিছে সকলো।

চাৰুলতা দেৱীয়ে সমষ্ট নিয়ম নীতি উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। শিক্ষয়ত্ৰীক নিয়মানুৱৰ্তিতাৰ কথা কোৱা চাৰু দেৱী সময়ত বিদ্যালয়ত উপস্থিত নোহোৱা পূৰ্বৰে পৰা অভিযোগো আছে। নিজ ময়মতালিৰে বিদ্যালয়ৰ শৈক্ষিক পৰিবেশ ধ্বংস কৰা অধ্যক্ষা চাৰুলতাৰ বিৰুদ্ধে শিক্ষয়ত্ৰীৰ গুৰুতৰ অভিযোগ। ব্যৱহাৰ নকৰে পাঞ্চিং মেচিন। শিক্ষকতো বাদেই শিক্ষাৰ্থীৰ লগতো নাই সদ্ভাৱ চাৰুলতাৰ। অবাইচ গালি দিয়ে শিক্ষয়ত্ৰী, শিক্ষাৰ্থীক। নিজ খেয়াল খুচিত পৰিচালনা সমিতিক উলাই কৰি অধ্যক্ষা চাৰুলতাই শিক্ষাৰ্থীৰ ওপৰতো চলাই আহিছে মানসিক নিৰ্যাতন। বহু অভিযোগ উত্থাপন হৈছে অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে। ঐতিহ্যমণ্ডিত আউনীআটী কমল দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় মৃতপ্ৰায় অৱস্থাত ম্ৰিয়মান সকলো। হেৰুৱা আভিযাত্য উদ্ধাৰৰ বাবে আগবাঢ়িছে প্ৰাক্তন ছাত্ৰ। ৰাজহুৱা সভাৰ দ্বাৰা সিদ্ধান্ত ল’ব ৰাইজে, কাৰণ নিৰৱ পৰিচালনা সমিতি৷ শিক্ষামন্ত্ৰী ডাঙৰীয়া হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পাছত মৃত্যুৰ ক্ষণ গনিছে মৃতপ্ৰায় আউনীআটী কমল দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। সাৰ পাবনে শিক্ষামন্ত্ৰীয়ে। ৰাইজে শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ দাবী জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।