কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত বিশ্ব লোকসংস্কৃতি দিৱস পালন

 08/23/2019 - 11:47

ওৰাংঃ ওদালগুৰি জিলাৰ পূব প্ৰান্তৰ অগ্ৰণী শিক্ষা অনুষ্ঠান ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত বৃহস্পতিবাৰে বিশ্ব লোকসংস্কৃতি দিৱস পালন কৰা হয়। মহাবিদ্যালয়খনৰ লোকসংস্কৃতি বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ উদ্দোগত অনুস্থিত হয় এই অনুষ্ঠান। অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুস্থিত হয় বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানো।

লগতে নবাগত লোকসংস্কৃতি বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলক আদৰণি জনোৱা হয় উক্ত অনুষ্ঠানতে। অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ উৎপল চন্দ্ৰ হাজঙে। লোকসংস্কৃতি বিভাগৰ এই বিশেষ আনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষক স্বৰূপ শৰ্মা।

অনুষ্ঠানৰ আত ধৰে কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰবক্তা বিষ্ণু ছেত্ৰীয়ে। লোকসংস্কৃতি বিভাগৰ ছাত্ৰ ধিৰেন শইকীয়াই চিত্ৰ কৰ্মৰ জৰিয়তে লোকসংস্কৃতিৰ নিদৰ্শন দাঙি ধৰে। বিশ্ব লোকসংস্কৃতি দিৱস উপলক্ষে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মহাবিদ্যালয় খনৰ সমূহ ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।