যোগীঘোপাত তালিবানী শাস্তিত কিশোৰ আত্মহত্যা চাঞ্চল্যকৰ ঘটনাৰ প্ৰতিবাদ

 08/23/2019 - 12:17

যোগীঘোপাঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত ভৰালকুণ্ডী গাঁৱত যোৱা ১৫ আগষ্টত তালিবানী শাস্তিৰ সন্মুখীন হৈ এগৰাকী কিশোৰ আত্মহত্যা কৰা ঘটনাৰ প্ৰতিবাদত বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত কাবাইটাৰীৰ ৰাজপথত পুৰুষ মহিলাই হাতে হাতে মম লৈ এক মৌন সমদল উলিয়াই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

যোৱা ১৫ আগষ্টত ভৰালকুণ্ডী অষ্টম খণ্ড গাঁৱৰ একাংশ দেৱানী- মাতাব্বৰৰ তালিবানী শাস্তিৰ সন্মুখীন হৈ ভৰালকুণ্ডী দশম খণ্ড গাঁৱৰ জিতেন মালোৰ পুত্ৰ উদয় মালোই(১৬) আত্মহত্যা কৰা চাঞ্চল্যকৰ ঘটনাৰ প্ৰতিবাদত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ যোগীঘোপা প্ৰখণ্ড সমিতিৰ সৌজন্যত অঞ্চলটোৰ প্ৰায় তিনি শতাধিক পুৰুষ-মহিলাই কাবাইটাৰীৰ এফ চি আই কালী মন্দিৰৰ পৰা হাতে হাতে প্ৰজ্বলিত মম লৈ মৌন সমদল উলিয়ায়।

\সমদলকাৰী সকলে কাবাইটাৰীৰ এফ চি আই কালী মন্দিৰৰ পৰা উলিওৱা এই সমদল উলিয়াই যোগীঘোপা থানাৰ সন্মুখৰে গৈ কাবাইটাৰী দুৰ্গা মন্দিৰত উপস্থিত হৈ সামৰণি মাৰে। ইয়াৰ পিছতে সমদলকাৰী সকলে কাবাইটাৰী দুৰ্গা মন্দিৰ চৌহদত উদয় মালোৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে উদয় মালোৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰ্থে এক মিনিট সময় মৌনতা অৱলম্বন কৰে।

সমদলকাৰী সকলে ঘটনাৰ লগত জড়িত দোষী ব্যক্তিক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে অতি দৰিদ্ৰ পুত্ৰহাৰা দুৰ্ভগীয়া পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ আদায় দিব'লৈ চৰকাৰ তথা জিলা প্ৰশাসনক দাবী জনাইছে। ইপিনে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত পুনৰ এজন লোকক যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে ।

জেল হাজোতলৈ প্ৰেৰণ কৰা লোকজন, ভৰালকুণ্ডী অষ্টম খণ্ড গাঁৱৰ জাকিৰুল ইছলাম ওৰফে দুল্লু(২৭) বুলি জনা গৈছে। যোগীঘোপা থানাত ৰুজু হৈ থকা ৩১৯/১৯ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে কালি দুজন লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ পিছত যোৱা নিশা আৰক্ষীয়ে চাপৰৰ পৰা জাকিৰুল ইছলামক গ্ৰেপ্তাৰ কৰি আজি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।