বৰপেটা আৰক্ষীৰ ক্ষিপ্ৰ তদন্তৰ অন্তত কৰায়ত্ব ৰুনুমা পাৰবীনক

 08/23/2019 - 12:43

বৰপেটাঃ নগাঁৱত যোৱা ১৯ আগষ্টত এক ভয়ানক হত্যাকাণ্ড সংগঠিত হৈছিল। নগাঁৱৰ বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ ছাত্ৰী এগৰাকীৰ ছুৰিকাঘাতত প্ৰাণ গৈছিল এগৰাকী প্ৰেমিকৰ। মহাবিদ্যালয়ৰ গেটৰ সন্মুখতে সংঘটিত হৈছিল এই ভয়াবহ হত্যাকাণ্ড। মহাবিদ্যালয়খনৰ ছাত্ৰী তথা তাৰাবাৰী থানাৰ অন্তৰ্গত পদ্মপাৰা গাওঁৰ যুৱতী ৰুনুমা খাতুনে একেখন গাঁৱৰে মহিদুল ইছলাম নামৰ যুৱকজনক ছুৰীকাঘাত কৰিছিল। ছুৰিকাঘাতত লগে লগে ঢলি পৰিছিল মহিদুল ইছলাম নামৰ প্ৰেমিকজন।

ওচৰ চুবুৰীয়াই ইছলামক ততাতয়াকৈ নগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাইছিল যদিও তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰিছিল। ঘটনাৰ পূৰ্বে প্ৰেমিক গৰাকীৰ সৈতে ছাত্ৰী গৰাকীয়ে বি বি কে কলেজৰ সন্মুখত কিছু কথা বতৰা পাতি আছিল। আৰু তেতিয়াই কিবা এটা বিষয়ক লৈ দুয়োৰে মাজত বাক বিতণ্ডা হয়। আৰু শেষত এই বাক বিতণ্ডাই হিংস্ৰ ৰূপ ধাৰণ কৰে। জানিব পৰামতে নিজ খুড়াৰ লৰা মহিদুল ইছলামৰ সতে ৰুণুমা পাৰবীনৰ বিগত সাত বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিলে।

কিন্তু হত্যাকাণ্ড সংঘটিত হোৱাৰ তিনিদিন আগতে মহিদুল ইছলামে অইন এজনী ছোৱালীৰ লগত বিবাহপাশত আৱদ্ধ হয়। এই কথা জানিব পাৰি ৰুণুমা পাৰবীন ভিতৰি ভিতৰি তীব্ৰ মানসিক অশান্তিত ভোগে আৰু প্ৰতিশোধৰ জ্বালাত দগ্ধ হৈ থাকে। অৱশেষত ১৯ আগষ্ট তাৰিখে পূৰ্ব পৰিকল্পনা মতে প্ৰেমিক মহিদুল ইছলামক বি,বি,কে, মহাবিদ্যালয়ৰ সন্মুখলৈ ফোন কৰি মাতি আনে আৰু প্ৰেমিক মহিদুল ইছলামৰ লগত কথা বাৰ্তা কোৱাৰ চলেৰে প্ৰেমিক মহিদুলৰ বুকুত ডেগাৰেৰে আঘাত হানে।

ডেগাৰৰ আঘাটত ধলি পৰা প্ৰেমিক মহিদুলৰ পৰৱৰ্তী সময়ত বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটে। হত্যাকাণ্ড সংঘটিত কৰিয়ে হত্যাকাৰী ৰুণুমা পাৰবীন পলাতক হৈ আছিলে। অৱশেষত বৰপেটা আৰক্ষীৰ ক্ষিপ্ৰ তদন্তৰ অন্তত তথা গোপন সূত্ৰৰ পম খেদি ৰুনুমা পাৰবীনক কৰায়ত্ব বৰপেটা মেটুৱাকুছিৰ পৰা আটক কৰিবলৈ সক্ষম হয় বৰপেটা আৰক্ষী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।