কুকুৰ সৰবৰাহকাৰীক লৈ নিশা মৰিগাঁওৰ মৈৰাবাৰীত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ

 08/23/2019 - 14:00

মৈৰাবাৰীঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীত নিশা কুকুৰ সৰবৰাহকাৰীক লৈ সৃষ্টি হৈ এক উত্তপ্ত পৰিস্থিতিৰ। নিশাৰ এন্ধাৰৰ সুযোগ লৈ চাৰিজন যুৱককে কেইবাটও কুকুৰ ডিমাপুৰলৈ বিক্ৰী কৰাৰ বাবে বস্তাৰে মেৰিয়াই চাইকেলেৰে মৈৰাবাৰী ৰেল ষ্টেচনত নি থকাৰ সময়তে স্থানীয় ৰাইজে আবদ্ধ কৰাৰ লগে লগেই এন্ধাৰৰ সুযোগ গ্ৰহন কৰি দুজন যুৱকে কেইবাটাও কুকুৰ লৈ পলায়ন কৰে যদিও চাপৰমুখৰ অৰ্জুন দাস আৰু মৈৰাবাৰীৰ মেৰাজুল নামৰ যুৱক দুজনক আবদ্ধ কৰাৰ লগে লগেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। যুৱক দুজনৰ পৰা উদ্ধাৰ কৰা কেইবাটাও কুকুৰ স্থানীয় ৰাইজে মুকলি কৰি দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।