যোৰহাটৰ দিপু শইকীয়া লৈ মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ

 04/02/2019 - 16:57

যোৰহাটঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজলিছে অসম সন্তান। তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত হোৱা আই বি বি এফ মিষ্টাৰ ইণ্ডিয়া ২০১৯-ৰ খিতাপ লাভ কৰিছে যোৰহাটৰ এজন যুৱকে।

দেহশ্ৰী প্ৰতিযোগিতাখনিত বিজয়ী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই অনা যুৱকজনৰ নাম দিপু শইকীয়া। ৬০ কেজি শাখাত অৱতীৰ্ণ হৈ দেশৰ অন্যান্য প্ৰতিযোগীসকলক পৰাজিত কৰি এই সাফল্য লভিবলৈ সক্ষম হয় দিপু শইকীয়াই।

যোৰহাটৰ বডী বিল্ডাৰগৰাকীয়ে প্ৰথমবাৰৰ বাবে মিষ্টাৰ ইণ্ডিয়া সন্মান দখল কৰিছে। মিষ্টাৰ ইণ্ডিয়া দিপুক লৈ উৎফুল্লিত হৈ পৰিছে যোৰহাটবাসীৰ লগতে অসমৰ জনসাধাৰণ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।