মানকাচৰত জব্দ অবৈধ ভাবে শিল কঢ়িওৱা তিনিখন ট্ৰাক সহ দুখন ডাম্পাৰ

 08/23/2019 - 14:18

দক্ষিণ শালমাৰঃ মানকাচৰ আৰক্ষী থানাৰ আৰক্ষীয়ে যোৱাকালি অবৈধ ভাবে শিল কঢ়িওয়া তিনিখন ট্ৰাক আৰু দুখন ডাম্পাৰ শিলসহ জব্দ কৰে। জানিব পৰা মতে, মেঘালয়ৰ গাৰো পাহাৰৰ পৰা চোৰাং ভাবে এদল চোৰাং ব্যৱসায়ীয়ে তিনিখন ট্ৰাক এ এচ-১৯-৫৭২২, এ এচ-১৭-৯৫৩১, এ এচ ১৮-৯৫৩৪, আৰু ডাম্পাৰ দুখন এ এচ ১৯ এচি ১০৪১, এ এচ ১৯ এচি ১০৪০,নম্বৰৰ । গাড়ী পাঁচটাৰে অবৈধ শিল লৈ টানগাৱৰ পৰা অয়ডোবা হৈ মহেন্দ্ৰগঞ্জলৈ লৈ যোৱাৰ সময়ত ট্ৰাক কেইখন মানকাচৰৰ থানাৰ অ চিয়ে অয়ডোবাত জব্দ কৰে। জব্দ ট্ৰাক তিনিখন মানকাচৰ আৰক্ষী থানাতলৈ অনা হয় যদিও ডাম্পাৰ দুখন অয়ডোবাত ৰাখিছে বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।