শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত শ্ৰী শ্ৰী জন্মাষ্টমী পৰ্ব পূৱাৰে পৰা অগনন ভক্তৰ ভিৰ

 08/23/2019 - 15:11

আমিনগাঁওঃ বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয় কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ মাজগাওঁত অৱস্থিত ৬০০ বছৰ অতিক্ৰম কৰা এখনি ঐতিহাসিক দেৱালয়। অসমৰ পবিত্ৰ গয়া তীৰ্থ ৰূপে খ্যাত দেৱালয়খনত পূৱাৰে পৰা পৰম্পৰা অনুসৰি এইবেলিও দেৱালয় প্ৰাংগণত শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী পৰ্ব উপলক্ষে অগনন ভক্তই পূজা অৰ্চনা আৰম্ভ কৰে।

পূৱা ৮ বজাত দেৱালয়ৰ ধ্বজ উত্তোলনৰে সভাপতি তথা দলৈ লক্ষেশ্বৰ শৰ্মাই জন্মাষ্টমী অনুষ্ঠান মুকলি কৰে। ৯ বজাত গছপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে দেৱালয়ৰ উপদেষ্টা মণ্ডলীয়ে। ১০ বজাৰ পৰা আয়তিৰ নাম পৰিবেশন।মুন দাসৰ নামদল, নিভা হাজৰিকাৰ নামদল, মিলিজুলি নামদল, দিহিঙিয়া খেল নামদল আৰু কৃষ্ণনগৰ শিৱমন্দিৰ নামদলে অংশগ্ৰহণ কৰে।

কাৰ্যসূচীৰ অনুসৰি দুপৰীয়া ২বজাত ভোগ বিতৰণ। সন্ধিয়া ৬ বজাৰ আমন্ত্ৰিত শিল্পী ত্ৰৈলোক্য ডেকাৰ নাগাৰা নাম পৰিবেশন। সন্ধিয়া ৭ বজাত জন্মাষ্টমী পূজা আৰম্ভ হব। নিশা ১০ বজাৰত মহাশান্তি আৰু ভোগ বিতৰণ । এইবাৰৰ জন্মাষ্টমী অনুষ্ঠানত মুঠ ৫০০০ ভক্তৰ বাবে ভোগভাতৰ আয়োজন কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।